নিউজ ডেস্ক :
এইবাৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ক'লা, বিজ্ঞান, বাণিজ্য এই তিনিওটা শাখাত ৰাজ্যখনৰ পৰা অৱতীৰ্ণ হৈছিল সৰ্বমুঠ ২,২৫,৬৫৪ গৰাকী ছাত্ৰ-ছাত্ৰী। ইয়াৰে ক'লা শাখাত অৱতীৰ্ন হৈছিল মুঠ ১ লাখ ৬৮ হাজাৰ ৩৬৭ গৰাকী পৰীক্ষাৰ্থী ৷ এই সকলৰ ভিতৰত প্ৰথম বিভাগত ১৯৮৫০গৰাকী, দ্বিতীয় বিভা গ ৪৪১৯১গৰাকী , তৃতীয় বিভাগত ৬৭৭৫৩গৰাকী উত্তীৰ্ন হয়৷ শাখাটোত মুঠ উত্তীৰ্নৰ হাৰ ৭৮.২৮ শতাংশ ৷
আনহাতে বানিজ্য শাখাত অৱতীৰ্ন হৈছিল মুঠ ১৭৭১৩ গৰাকী ছাত্র-ছাত্ৰী। ইয়াৰে প্ৰথম বিভাগত ৩৮৭০গৰাকী,দ্বিতীয় বিভাগত ৫৪১৫ গৰাকী আৰু তৃতীয় বিভাগত ৬৩৩৪ গৰাকী উত্তীৰ্ন হৈছে ৷ শাখাটোত উত্তীৰ্নৰ হাৰ ৮৮.১৮ শতাংশ।
ইফালে এইবাৰ বিজ্ঞান শাখাত অৱতীৰ্ন হৈছিল মুঠ ৩৯৫৭৪ গৰাকী ছাত্র-ছাত্ৰী ৷ ইয়াৰে প্ৰথম বিভাগত ১৬৯২৮গৰাকী,দ্বিতীয় বিভাগত ১৪৭৪৭ গৰাকী আৰু তৃতীয় বিভাগত ৩১৭২ গৰাকী ছাত্র-ছাত্ৰী উত্তীৰ্ণ হয়। শাখাটোত উত্তীৰ্ন হাৰ ৮৮.০৬ শতাংশ।
- Log in to post comments
- 15 views