"লকডাউনে কঁকাল ভঙা কৃষকে কিদৰে ক্ৰয় কৰিব ৭৫টকাত ডিজেল"-ৰিপুন বৰা

Ripun Bora

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছৰ বুধবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ।গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত পুৱা ১১ বজাৰ পৰা সাব্যস্ত কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা প্ৰমুখ্যে দলটোৰ বহুকেইজন জ্যেষ্ঠ নেতা তথা বিধায়ক ধৰ্মঘটত উপস্থিত থাকে।

"লকডাউনে ৰাইজক জুৰুলা কৰিছে।তাৰ পিছত কেৱল মাত্ৰ ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে অন্যায়ভাৱে বিজেপি চৰকাৰে বৃদ্ধি কৰিছে পেট্ৰ'ল-ডিজেলৰ মূল্য"-এই কথা উল্লেখ কৰি সভাপতি বৰাই কয়-"কংগ্ৰেছ চৰকাৰৰ দিনত আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত আছিল ১০৮ ডলাৰ।বৰ্তমান ইয়াৰ মূল্য হৈছে ৪০ ডলাৰ।তাৰ পিছতো আজি পেট্ৰল-ডিজেলৰ মূল্য হ্ৰাস হোৱাৰ বিপৰীতে বৃদ্ধি কৰা হৈছে।"

"দেশ চলাবলৈ অন্য উৎসসমূহৰ পৰা ৰাজহ সংগ্ৰহ কৰিবলৈ নোৱাৰা বিজেপিয়ে বৰ্তমানলৈ ১২ বাৰ কৰ বৃদ্ধি কৰিছে পেট্ৰল-ডিজেলত"-বৰাই মন্তব্য কৰে।পেট্ৰ'লত এক্সাইজ ডিউটী কংগ্ৰেছ চৰকাৰৰ দিনত আছিল ৯.৩০টকা,কিন্তু বৰ্তমান ২৩.৭৮টকা,কংগ্ৰেছ চৰকাৰৰ দিনত ডিজেলত এক্সাইজ ডিউটী আছিল ৩.৪৬টকা আৰু বৰ্তমান ২৯.২৭টকাকৈ বৃদ্ধি কৰা বুলি তেওঁ লগতে কয়।

লকডাউনে কঁকাল ভাঙি দিয়া কৃষকে ৭৫টকাত ডিজেল ক্ৰয় কৰি খেতি কৰাটোত কিমান অসুবিধা হৈছে,সেই কথাটো বিজেপিয়ে বুজি নাপায় বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে সভাপতি বৰাই।

লকডাউন,কণ্টেইনমেণ্ট,কোৱাৰেণ্টাইনক বিৰোধীৰ ওপৰত প্ৰতিশোধৰ আহিলা হিচাপে বিজেপিয়ে ব্যৱহাৰ কৰা বুলি গুৰুতৰ অভিযোগ তুলি বৰাই কয় -"আমাৰ মানুহে কোৱাৰেণ্টাইন কৰিব লাগে,কিন্তু তেওঁলোকৰ মানুহ দিল্লীৰ পৰা আহিলেও কোৱাৰেণ্টাইন নকৰিলেও হয়।"

অসমত বিজেপিৰ গণ সম্পর্ক বিচ্ছিন্ন হৈছে,যাৰ বাবে তেওঁলোকে আকৌ জনসম্পৰ্ক কৰিব লগা হৈছে।'২১ত বিজেপিক প্ৰত্যুত্তৰ দিবলৈ সকলো অসমবাসীক আহ্বান জনাই বৰাই।

Your Comments