'কা' আন্দোলনৰ সময়ত অখিল গগৈৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ হিচাপ দিলে অসম আৰক্ষীয়ে

Akhil Gogoi

নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' আন্দোলনৰ সময়ত ৰাজ্যৰ বিভিন্ন থানাত কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে কিমান গোচৰ ৰুজু হৈছিল,তাৰ হিচাপ বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীয়ে।এই আবেদনৰ ওপৰত ভিত্তি কৰি ন্যায়ালয়ে অসম আৰক্ষীক গগৈ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰৰ সবিশেষ হিচাপ দাখিল কৰাৰ বাবে জাৰি কৰিছিল নিৰ্দেশনা।নিৰ্দেশনা অনুসৰি অসম আৰক্ষীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰে শপতনামা তথা তথ্য।এই কথা প্ৰকাশ কৰিছে অধিবক্তা কৃষ্ণ গগৈয়ে।

অসম আৰক্ষীয়ে আদালতত দাখিল কৰা শপতনামা অনুসৰি 'কা' আন্দোলনৰ সময়ত কৃষক নেতাগৰাকীৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত মুঠ ১২টা গোচৰ ৰুজু কৰা হৈছিল।তাৰে ১১টা গোচৰত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে কৃষক নেতা গগৈ।

ডিব্ৰুগড় জিলাত ৫টা,শিৱসাগৰ জিলাত ২টা, যোৰহাট জিলাত ২টা আৰু গুৱাহাটী ক্ৰাইম ব্ৰান্স,জালুকবাৰী থানা আৰু লতাশিল থানাত এটাকৈ গোচৰ ৰুজু কৰা হৈছিল।এই কথা প্ৰকাশ কৰে অধিবক্তা গগৈয়ে।

দুটা গোচৰ 'নিয়া'লৈ স্থানান্তৰ কৰা হৈছিল।চানমাৰি থানাৰ গোচৰ ১৩/১৯ আৰু চাবুৱা থানাৰ ২৮০/১৯ গোচৰ নিয়ালৈ দিছিল।

গ্ৰেপ্তাৰ নোহোৱাকৈ থকা গোচৰটো ৰুজু হৈ আছে চাবুৱা থানাত।চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাৰ ঘৰ জ্বলোৱাৰ অভিযোগত গগৈৰ বিৰুদ্ধে ৰুজু হৈ আছে গোচৰ।

গুৰুত্বপূৰ্ণ যে বিনোদ হাজৰিকাৰ ঘৰ জ্বলোৱা হৈছিল ১৩ ডিচেম্বৰত।কিন্তু সেই দিনটোত কৃষক নেতা অখিল আছিল যোৰহাট কাৰাগাৰত।অধিবক্তা গগৈয়ে কয়।

Your Comments