গুৱাহাটী মহানগৰীত ক'ৰ'না ভাইৰাছৰ সামাজিক সংক্ৰমণৰ আশংকাত চেম্বাৰ্ছ অব কমাৰ্চৰ নতুন নিৰ্দেশনা।মহানগৰীৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানলৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা।
পুৱা ৯ বজায পৰা আবেলি ৫ বজালৈ গুৱাহাটীত ব্যৱসায়িক প্ৰতিষ্ঠান,বজাৰসমূহ মুকলি কৰাৰ আহ্বান।৩০জুনলৈ সোমবাৰৰ পৰা শনিবাৰলৈ দোকান মুকলিৰ নিৰ্দেশনা।দেওবাৰৰ দিনটোত সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ নির্দেশনা কামৰূপ(ম) চেম্বাৰ্ছ অব কমাৰ্চৰ।
কামৰূপ চেম্বাৰ্ছ অফ কমাৰ্চৰ সভাপতি এম পি জৈনে প্ৰকাশ কৰা অনুসৰি প্ৰতিজন গ্ৰাহকে মাস্ক,ছেনিটাইজাৰ,সামাজিক দূৰত্ব মানি চলাব লাগে।ইয়াৰ উপৰিও ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে গ্ৰাহকসকল আহোঁতে থাৰ্মেল স্কেনিং,সামাজিক দূৰত্ব ৰক্ষা কৰাব লাগে।
অসমৰ বাহিৰৰ পৰা অহা গাড়ী চালক,হেণ্ডিমেন আৰু শ্ৰমিকসকলৰ পৰা সামাজিক দূৰত্ব কঠোৰভাৱে মানি চলিব লাগিব।কাৰণ,বহি:ৰাজ্যৰ পৰা অহা চালক, হেন্দিমেনৰ পৰা ক'ৰ'না সংক্ৰমণ হব পাৰে।
ৰাজ্য চৰকাৰক যাতে সকলো ব্যৱসায়ীয়ে সহায় কৰে।
- Log in to post comments
- 37 views