"ক'ৰনা হোৱাতো এতিয়া বাতৰি নহয়,সন্ত্ৰাসৰ মাজত চিকিৎসক-চিকিৎসাকর্মীয়ে কাম কৰি থকাটোহে বাতৰি"-ডঃ হিমন্ত বিশ্ব শৰ্মা

Dr.Himanta Biswa Sarma

গুৱাহাটীত ক'ৰ'না ভাইৰাছৰ সামাজিক সংক্ৰমণ হৈছে নেকি জনাৰ বাবে বুধবাৰৰ পৰা আৰম্ভ হৈছে ৰেণ্ডম টেষ্ট বা শ্বোৱাব টেষ্ট।অহা ৩০জুনৰ ভিতৰত ৫০ হাজাৰ মহানগৰীৰ জনতাক ক'ৰ'না পৰীক্ষা কৰাৰ       লক্ষ্যৰে আৰম্ভ হৈছে শ্বোৱাব পৰীক্ষা শিবিৰ।উল্লেখ যে কোনো ভ্ৰমণ বৃতান্ত নথকা কিছু লোকৰ দেহত গুৱাহাটীত ক'ৰ'না ভাইৰাছ ধৰা পৰাৰ পিছতে উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ তথা মহানগৰ জিলা প্ৰশাসন।পাৰ্কিং প্লেছ, পেট্ৰল পাম্প কৰ্মচাৰী,গুদাম, ট্ৰাক ড্ৰাইভাৰ কাৰ্যালয় কৰ্মচাৰী, কৰ্তব্যৰত আৰক্ষী, স্বাস্থ্যকর্মীৰ পৰা মহানগৰীত বিভিন্ন স্থানত সংগ্ৰহ কৰা হৈছে নমুনা।

সমান্তৰালকৈ সাধাৰণ জনতাৰ শ্বোৱাব সংগ্ৰহৰ বাবে গুৱাহাটীৰ ১২টা স্থানত ৰেণ্ডম টেষ্ট শিবিৰ বুধবাৰৰ পুৱাৰে পৰা প্ৰশাসনে আৰম্ভ কৰিছে।প্ৰতিজন লোকে নিজৰ ইচ্ছা অনুসৰি কৰিব পাৰিব পৰীক্ষা।

গুৱাহাটী মেডিকেল কলেজ হাস্পতাল,মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল,ধীৰেণপাৰা এফ আৰ ইউ,পাণ্ডু এফ আৰ ইউ,উলুবাৰী নগৰীয়া চিকিৎসালয়, দিছপুৰ ডিছপেনচেৰী, বামুনীমৈদাম ৰাজ্যিক ডিছপেনছেৰী, খানাপাৰা ৰাজ্যিক ডিছপেনছেৰী,ভেটাপাৰা ৰাজ্যিক ডিছপেনছেৰী, লখৰা ৰাজ্যিক ডিছপেনছেৰী,শান্তিপুৰ ৰাজ্যিক ডিছপেনছেৰী আৰু উদালবাক্ৰা মিনি ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰ।বুধবাৰৰ পুৱা ৯ বজা পৰা আৰম্ভ হৈছে ৰেণ্ডম টেষ্ট।

গুৰুত্বপূৰ্ণ যে যদি মহানগৰীত শিবিৰসমূহত সংগ্ৰহ কৰা নমুনাত বহুজন ক'ৰ'না ভাইৰাছ আক্রান্ত ধৰা পৰে,তেন্তে গুৱাহাটীত লকডাউন পুনৰ ঘোষণা হব বুলি।উল্লেখ কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।

ইফালে,গুৱাহাটীত ৰেণ্ডম টেষ্ট শিবিৰ আৰম্ভ হোৱাৰ পূৰ্বে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ৰাজ্যৰ দ্বাদশটো শ্বোৱাব পৰীক্ষাৰ লেব মুকলি কৰে স্বাস্থ্যমন্ত্ৰী শৰ্মাই।বিএছএল লেবটোত বুধবাৰৰ গধূলিৰ পৰা কাম আৰম্ভ হ'ব।নতুন লেবটো সৈতে গুৱাহাটী মেডিকেল কলেজত লেবৰ সংখ্যা তিনিটালৈ বৃদ্ধি পালে।

লেৱটো মুকলি কৰি মন্ত্ৰী শৰ্মাই কয় "ডক্টৰ, লেব টেকনিছিয়ান,চিকিৎসাকর্মীসকলৰ ক'ৰনা হ'বই,তাৰ পৰা বচাৰ কোনো উপায় নাই।কিন্তু তেওঁলোকে এই কথা জানিও কাম কৰি আছে সেয়াই স্বাস্থ্য বিভাগৰ সফলতা।"

"ক'ৰ'না হোৱাতো বৰ্তমান সময়ত বাতৰি নহয়, ত্ৰাসৰ মাজতো ডক্টৰ-নাৰ্ছ চিকিৎসাকর্মীয়ে কাম কৰি থকাটোহে বাতৰি"- শৰ্মাই লগতে কয়।

Your Comments