গুৱাহাটীত দিনক-দিনে বৃদ্ধি ক'ৰ'না আক্ৰান্ত:চিন্তিত স্বাস্থ্য বিভাগ

Corona

প্ৰতিদিনে সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীত বৃদ্ধি পাইছে ক'ৰ'না আক্রান্তৰ সংখ্যা।গুৱাহাটীত ক'ৰ'না আক্রান্তক লৈ চিন্তিত ৰাজ্যৰ স্বাস্থ্য বিভাগ।উল্লেখ যে গুৱাহাটীত কোনো ট্ৰেভেল হিষ্টৰী নথকা কেইবাজনো ব্যক্তি  আক্ৰান্ত হৈছে ক'ৰ'না ভাইৰাছত।

গুৱাহাটী মহানগৰীত কোনো ট্ৰেভেল হিষ্টৰী নথকা আক্রান্তৰ সংখ্যা ১৩জন। ইফালে আক্রান্ত বৃদ্ধি পোৱাৰ পিছতে বৃদ্ধি পাইছে গুৱাহাটীত কণ্টেইনমেণ্ট জ'নৰ সংখ্যা।শুকুৰবাৰে দিনৰ ১২বজালৈকে গুৱাহাটী মহানগৰীত সৰ্বমুঠ কণ্টেইমেণ্ট জ'ন হৈছে ৫৭টা।২১টা ইতিমধ্যে যোৱা ৯ জুনলৈকে মুকলি হৈছে।বাকী ৩৬টা বৰ্তমান বাহাল আছে।এই কথা প্ৰকাশ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

Pic

ইফালে,স্বাস্থ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই উদ্বিগ্নতা প্ৰকাশ কৰি উল্লেখ কৰিছে "যিকোনো প্ৰকাৰে গুৱাহাটীত গণ সংক্ৰমণ ৰোধ কৰিব লাগিব।শেহতীয়াভাৱে ১৩জন আক্রান্তক লৈ স্বাস্থ্য বিভাগ চিন্তিত।"

গুৱাহাটীত ট্ৰেভেল হিষ্টৰী নথকা আক্রান্তকেইজন মহানগৰীৰ বিভিন্ন স্থানৰ।পাণবজাৰ,ফটাশিল,বিষ্ণুপুুৰ,মালিগাঁও আদিৰ।

Your Comments