"তিনিচুকীয়া জিলাৰ বাঘজানৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে।সমগ্ৰ ঘটনাৰ বাবে অইল ইণ্ডিয়া,অসম-ভাৰত চৰকাৰ মূলত: দায়ী"-এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ।
বাঘজানৰ ভয়ংকৰ অগ্নিকাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাই অসম প্ৰদেশ কংগ্ৰেছে দেশৰ প্ৰধানমন্ত্ৰীলৈ ৰাজ্যপালৰ জৰিয়তে প্ৰেৰণ কৰে এখন স্মাৰকপত্ৰ।বৃহস্পতিবাৰে সভাপতি বৰাৰ নেতৃত্বত কংগ্ৰেছৰ এটা সঁঁজাতি দলে ৰাজভৱনত সাক্ষাৎ কৰে ৰাজ্যপাল জগদীশ মুখীক।
"বিগত ১৪ দিন ধৰি গেছ আৰু তেল নিৰ্গত হৈ থকা খাদটো নিয়ন্ত্ৰণ কৰাৰ বিষয়টো চৰকাৰ আৰু অইল ইণ্ডিয়াই গুৰুত্বসহকাৰে নল'লে। যাৰ ফলত ধ্বংস হৈ গল সমগ্ৰ বাঘজান"-সভাপতি বৰাই কয়।
অসমৰ দল-সংগঠনৰ লগতে অসম প্ৰদেশ কংগ্ৰেছে বাৰে বাৰে বিষয়টো গুৰুত্বসহকাৰে লহব লাগে বুলি দাবী জনাই আহিছিল বুলি উল্লেখ কৰি তেওঁ কয়-"যথেষ্ট সময় পাইছিল নিয়ন্ত্ৰণ কৰিবলৈ।কিন্তু গুৰুত্বসহকাৰে বিষয়টো নোলোৱাৰ বাবে সৃষ্টি হ'ল ভয়ংকৰ পৰিস্থিতিৰ।"
ইফালে বিস্ফোৰণৰ তিনিদিন উকলি যোৱাৰ পিছতো কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ নহা কাৰ্যক ধিক্কাৰ দিছে কংগ্ৰেছে।
"মাস্ক বিতৰণ কৰিবলৈ হেলিকপ্টাৰত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।বুধবাৰে ভালুকপুঙৰ আইবিত প্ৰমোদবিহাৰ কৰি থকা মুখ্যমন্ত্ৰীয়ে আজি দিনটো কন্যকা বুলি এটা অনুষ্ঠানত দিছে।সেই মুখ্যমন্ত্ৰীয়ে আধাঘণ্টা-এঘণ্টা সময় বাঘজানৰ ৰাইজৰ বাবে দিব নোৱাৰে নেকি"-মন্তব্য কৰে সভাপতি বৰাই।
মৃত্যুক আঁকোৱালি লোৱা অইল ইণ্ডিয়াৰ কৰ্মচাৰী দুজনৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে পৰিয়ালৰ সদস্যক অইল ইণ্ডিয়াত নিযুক্তি দিব লাগে।ইয়াৰ উপৰিও বাঘজানবাসী ৰাইজক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী জনোৱাৰ লগতে প্ৰয়োজনত ক্ষতিগ্ৰস্ত ৰাইজক অইলত নিযুক্তি দিয়াৰো দাবী জনাই কংগ্ৰেছে।
কংগ্ৰেছৰ সঁজাতি দলটোত আছিল ৰকিবুল হুছেইন,সাংসদ গৌৰৱ গগৈ প্ৰমুখ্যে বহুকেইজন নেতা।
- Log in to post comments
- 15 views