ব্যৰ্থ হ’ল মোডীৰ বিমুদ্ৰাকৰণ

ব্যৰ্থ হ’ল মোডীৰ বিমুদ্ৰাকৰণ

২০১৬ৰ ৮ নৱেম্বৰত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে একপক্ষীয়ভাৱে ঘোষণা কৰা বিমুদ্ৰাকৰণ ব্যৱস্থা যে সম্পূৰ্ণ ভুল সিদ্ধান্ত আছিল, সেই দিশটো স্পষ্ট হৈ পৰিছে ৷ ডাঙৰ সপোন দেখাৰ প্ৰতি আগ্ৰহী মোডীৰ বিমুদ্ৰাকৰণৰ সপোন সফল নহ’ল ৷

তিনিটা উদ্দেশ্য সন্মুখত লৈ ৫০০ টকীয়া আৰু ১০০০ টকীয়া নোটৰ প্ৰচলন ২০১৬ৰ ৮ নৱেম্বৰ নিশা বন্ধ কৰি দিয়া হৈছিল ৷ ক’লা ধন, জাল নোট আৰু সন্ত্ৰাসবাদীৰ হাতলৈ যোৱা বন্ধ কৰাৰ লক্ষ্যৰে ১৫.৪১ লাখ কোটি টকাৰ প্ৰচলন মোডীৰ এটা মন্তব্যতে বন্ধ কৰি দিয়া হৈছিল ৷

ব্যৰ্থ হ’ল মোডীৰ বিমুদ্ৰাকৰণ

২০১৭-১৮ বৰ্ষৰ বাবে ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা বাৰ্ষিক তথ্য অনুসৰি ১৫.৩১ লাখ কোটি টকা বেংকত ইতিমধ্যে জমা হৈছে ৷

প্ৰধান মন্ত্ৰীৰ সন্মুখত মুকলি প্ৰশ্ন- মাত্ৰ ০.১০ লাখ কোটি টকাৰ বাবেই বিমুদ্ৰাকৰণ ঘোষণা কৰা হৈছিল নেকি ? ০.১০ লাখ কোটি অৰ্থাৎ ১০ হাজাৰ কোটিহে দেশত ক’লা টকা বা সন্ত্ৰাসবাদীৰ হাতত থকা বা জাল নোট নেকি ?

বিমুদ্ৰাকৰণৰ সিদ্ধান্তৰ বাবেই বিদেশী বিনিয়োগ নিম্নগামী হ’ল ৷ ঔদ্যোগিক উৎপাদন অভাৱনীয়ভাৱে হ্ৰাস পালে ৷ কৃষি খণ্ড বিপদগ্ৰস্ত হ’ল ৷ নিৰ্মাণ খণ্ডৰ অৱস্থা শোচনীয় হ’ল ৷ সেৱা খণ্ডত আঘাত পৰিল ৷

ব্যৰ্থ হ’ল মোডীৰ বিমুদ্ৰাকৰণ

ৰপ্তানি বাণিজ্য সংকুচিত হৈ পৰিল ৷ দেশৰ অৰ্থনৈতিক বিকাশ নিম্নগামী হৈ আহিল ৷

প্ৰধান মন্ত্ৰী মোডীৰ ডাঙৰ সপোন বিমুদ্ৰাকৰণৰ এক ভয়ংকৰ পৰিণতি- দেশৰ অৰ্থনৈতিক বিকাশ নিম্নগামী হ’বলৈ আৰম্ভ কৰিলে ৷ ২০১৬ৰ নৱেম্বৰ মাহৰ পৰা লাখ লাখ লোকে সংস্থাপন হেৰুৱালে ৷

ব্যৰ্থ হ’ল মোডীৰ বিমুদ্ৰাকৰণ

বিমুদ্ৰাকৰণৰ নামত ২১ হাজাৰ কোটি টকা ব্যয় কৰা হ’ল ৷ ৰিজাৰ্ভ বেংকৰ তথ্যমতে, ২০১৫-১৫ বিত্তীয় বৰ্ষত নোট ছপাৰ বাবে খৰচ হৈছিল ৩,৪২১ কোটি টকা ৷ ২০১৬-১৭ বৰ্ষত ৫০০ আৰু ২,০০০ টকীয়া নোট ছপাবৰ বাবে ৭,৯৬৫ কোটি টকা খৰচ কৰা হ’ল ৷

পুনৰ ২০১৭-১৮ত নতুন নোট ছপা কৰাৰ বাবে ৪৯১২ কোটি টকা ব্যয় কৰা হ’ল ৷ প্ৰধান মন্ত্ৰীগৰাকীৰ সপোন কাৰ্যকৰী কৰাৰ বাবে ১০,৭২০ কোটি টকা তথাকথিত ক’লা ধনৰ নামত নতুন নোট ছপা কৰাত খৰচ কৰা হ’ল ১২,৮৭৭ কোটি টকা ৷

ব্যৰ্থ হ’ল মোডীৰ বিমুদ্ৰাকৰণ

প্ৰধান মন্ত্ৰীগৰাকীয়ে দেখা ডাঙৰ সপোনবোৰে দেশবাসীক দেশবাসীক অধিক সংকটৰ পিনে নিব বুলি দেশৰ অৰ্থনীতিবিদসকলে ব্যক্ত কৰিছে ৷

Your Comments