গুৱাহাটীত নিষিদ্ধ গাহৰি মাংসৰ কিনা-বেচা

Pic

উজনিৰ পিছত এইবাৰ গুৱাহাটীত বন্ধ গাহৰি মাংসৰ কিনা-বেচা।এই বিষয়ে ঘোষণা কৰিছে কৃষিমন্ত্ৰী অতুল বৰাই।উল্লেখ যে পূৰ্বে ৰাজ্যৰ ৬খন জিলাত বন্ধ কৰা হৈছিল গাহৰি মাংসৰ কিনা-বেচা।

আফ্ৰিকান ছোৱাইন ফিভাৰে শেহতীয়াভাৱে কামৰূপ(ম),গোলাঘাট আৰু মাজুলীত নতুনকৈ সংহাৰী ৰূপ ধাৰণ কৰাৰ বাবে জিলাকেইখনত কিনা-বেচা বন্ধ কৰাৰ কথা ঘোষণা কৰিছে মন্ত্ৰী বৰাই।

উল্লেখ যে আফ্ৰিকান ছোৱাইন ফিভাৰৰ বাবে ৰাজ্যত শেহতীয়াভাৱে ১৩,৩৮২টা গাহৰিৰ মৃত্যু হৈছে।কামৰূপ মেট্ৰ'ত মৃত্যু হৈছে ৩৭টাৰ।গোলাঘাট আৰু মাজুলীতো কেইবাশতাধিক গাহৰিৰ মৃত্যু হৈছে।

Your Comments