প্ৰধানমন্ত্ৰী কৃষক সন্মান আঁচনিত দুৰ্নীতি:হিতাধিকাৰীৰ তালিকাত চাকৰিয়াল,পেন্সনাৰৰ নাম-ৰুবুল দাস

Pic

"দৰিদ্ৰ কৃষকৰ বাবে ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী কৃষক সন্মান আঁচনিত অবাধ দুৰ্নীতি সংঘটিত হৈছে।দৰিদ্ৰ কৃষকলৈ অহা আঁচনিৰ ধনত এচাম বিজেপিৰ নেতা-পালিনেতা তথা ৱাৰ্ড মেম্বাৰৰ আশীষত সংঘটিত হৈছে দুৰ্নীতি"-এই গুৰুতৰ অভিযোগ অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসৰ।তেওঁ কয়  যে হিতাধিকাৰীৰ তালিকাত নাম সোমোৱা একাংশ লোক খেতিয়কে নহয়।তালিকাত আছে চৰকাৰী কৰ্মচাৰী,পেন্সনাৰ,সুলভ মূল্য দোকানী আৰু ব্যৱসায়ীৰ নাম।

সভাপতি দাসে তথ্য দাঙি ধৰি কয় যে নগাঁও জিলাৰ ৰহা কৃষি উপ-সংমণ্ডলৰ বগলাহান পঞ্চায়তত ৪০৯জন কৃষকক আঁচনিৰ ধন প্ৰদান কৰা হৈছে।দুৰ্ভাগ্যজনকভাৱে ধন লাভ কৰা ১০০ জনৰো অধিক হিতাধিকাৰী চৰকাৰী কৰ্মচাৰী,পেন্সনাৰ,ব্যৱসায়ী আৰু সুলভ মূল্যৰ সামগ্ৰীৰ দোকানী।

"যিসময়ত ক'ৰ'না মহামাৰীৰ দৰে ভয়াৱহ সময় চলি আছে,মাহৰ পিচত মাহ তলাবন্ধ ঘোষণা কৰা হৈছে,তেনে সময়ত প্ৰকৃত কৃষকক বঞ্চিত কৰি স্বজন তোষণ আৰু দুৰ্নীতিৰে এচাম ভুৱা কৃষকক একে ৰাতিৰ ভিতৰতে আৰ্থিক সাহায্য প্ৰদান কৰা কৃষি বিষয়াৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে।লগতে, জড়িত থকা ৱাৰ্ড মেম্বাৰ,বিজেপি নেতা-পালিনেতাসকলকো কঠোৰ শাস্তি প্ৰদান কৰিব লাগে"-এই দাবী সংগঠনটোৰ।

Your Comments