দুৰ্নীতিৰ তথ্য দিয়ক আৰু ২০০ টকাকৈ লাভ কৰক,সবিশেষ জানিবলৈ ক্লিক কৰক....

Corruption

নিউজ ডেস্ক :

লকডাউনৰ মাজতেই দুৰ্নীতি বিৰোধী যুৱশক্তি,অসমৰ গুৰুত্বপূৰ্ণ ঘোষণা।ৰাজ্য বিভিন্ন প্ৰান্তত অৰ্থাৎ আপোনাৰ নিজ নিজ অঞ্চলত যদি চৰকাৰৰ কোনো আচঁনিত দুৰ্নীতি হৈছে তেন্তে সেই তথ্য আৰু দুৰ্নীতিগ্ৰস্ত ব্যক্তিৰ ফটো সহ পৰিচয় দুৰ্নীতি বিৰোধী যুৱশক্তি,অসমলৈ প্রেৰণ কৰক।তথ্য প্ৰেৰণ কৰাৰ বিনিময়ত সংগঠনটোৰ পৰা আপুনি লাভ কৰিব ২০০টকা।তাৰ বাবে সংগঠনটোৱে মুকলি কৰিছে হোৱাটচআপ নম্বৰ- ৮৪০২৯১২৫৯৬।এই কথা প্ৰকাশ কৰিছে সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈয়ে।

গুৰুত্বপূৰ্ণ কথা এই যে  প্ৰধান মন্ত্ৰী কিষাণ আঁচনিত সংঘটিত হোৱা ব্যাপক অনিয়ম আৰু দুৰ্নীতিক লৈ দুৰ্নীতি বিৰোধী যুৱশক্তি, অসম নামৰ সংগঠনটোৱে গোচৰ পঞ্জীয়ন প্ৰক্ৰিয়া ধাৰাবাহিক ভাৱে অব্যাহত ৰাখিছে।সংগঠনটোৱে জানিব দিয়া অনুসৰি দুৰ্নীতিত জড়িত থকা চৰকাৰী বিষয়া -কৰ্মচাৰী সকলক ধৰাত অসমৰ ৰাইজৰ পৰাও সহযোগিতা বিচাৰি ঘোষণা কৰিছে এই কথা।

বিশেষকৈ প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ নিজ নিজ অঞ্চলৰ হিতাধিকাৰীৰ তালিকাত যদি চৰকাৰী ব্যক্তিৰ নাম সংযোজিত হৈ আছে তেনেহ'লে নিজে ওচৰৰ থানাত এজাহাৰ দাখিল কৰাৰ লগতে জিলা উপায়ুক্তক ৰাইজে অভিযোগ দিয়াৰ আহ্বান জনায়।যদি সেইয়া কৰিবলৈ অসুবিধা তেন্তে সংগঠনটোলৈ তেনে ব্যক্তিৰ ফটো পৰিচয় প্ৰেৰণ কৰাৰ আহ্বান জনাইছে।

Your Comments