নিউজ ডেস্ক :
ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে জনতা ভৱনত শুকুৰবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ এক গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক।বৈঠকখনত গ্ৰহণ কৰা হয় সুৰাৰ মূল্যবৃদ্ধি সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত।সেই অনুসৰি সুৰাৰ এম আৰ পিৰ ওপৰত ২৫% শতাংশ অতিৰিক্ত কৰ বৃদ্ধি কৰা হৈছে।এই কথা জানিবলৈ দিয়ে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।সংবাদমেল সম্বোধন কৰি মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ৰাজ্যৰ বিধ্বস্ত অৰ্থনীতিক উদ্ধাৰ কৰাৰ বাবে আৰোপ কৰা হৈছে এই কৰ।ইয়াৰ দ্বাৰা ১০০০কোটি টকাৰ ৰাজহ সংগ্ৰহ হব চৰকাৰৰ।
একেলগে কৃষি মাৰ্কেটিং বৰ্ডৰ পূৰ্বৰ আইন বাতিলৰ সিদ্ধান্তও গ্ৰহন কৰে কেবিনেটে। ইয়াৰ পৰিবৰ্তে অনা হয় এক নতুন অধ্যাদেশ। মাৰ্কেটিং ইমান দিনে সংগ্ৰহ কৰি অহা "ছেছ" সন্দৰ্ভতো গ্ৰহণ কৰা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত।কৃষি মাৰ্কেটিং বৰ্ডৰ কৰ্মচাৰীক অন্য বিভাগত নিয়োজিত কৰি ব্যয় সংকোচন কৰা সন্দৰ্ভতো কেবিনেটে কেতবোৰ সিদ্ধান্তগ্ৰহণকৰে। ইফালে বৰ্তমানে বৰ্ড চলি থাকিব বুলি কেবিনেটে সিদ্ধান্ত লোৱাৰ লগতে ভৱিষ্যতে কিন্তু এখন নিৰ্বাচিত বৰ্ডহে থাকিব আৰু তাৰ সদস্য সকলক কৃষকে নিৰ্বাচিত কৰিব বুলিও মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে কয়।
ইফালে সামাজিক দুৰত্ব মানি চাহ বাগিচা সমূহৰ কাম সম্পূৰ্ন ৰূপে চলিব বুলিও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।
- Log in to post comments
- 14 views