'টিভি পেপাৰত নিদিয়া খবৰ' ফেচবুক গ্রুপৰ বিৰুদ্ধে সাংবাদিক মনজিৎ মহন্তৰ এজাহাৰ

#MonjitMahanat#

সামাজিক মাধ্যম ফেচবুকত বুদ্ধিজীৱী ড: হীৰেন গোহাঁই,সাংবাদিক মনজিৎ মহন্ত আৰু কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে বিতৰ্কিত পোষ্ট দিয়া ফেচবুক গ্রুপৰ বিৰুদ্ধে গীতানগৰ থানাত গোচৰ ৰুজু  সাংবাদিক মনজিৎ মহন্তৰ।আজি সাংবাদিক মহন্তই তেওঁলোকৰ বিৰুদ্ধে আপত্তিজনক পোষ্ট দিয়া 'টিভি-পেপাৰত নিদিয়া খবৰ' নামৰ ফেচবুক গ্ৰুপটোৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ।

উল্লেখ যে বিশেষ গ্রুপটোৱে তিনিজন ব্যক্তিৰ ফটো প্ৰকাশ কৰি আক্রমণৰ লক্ষ্য কৰি লিখিছে এইদৰে-"এই তিনিজন অসমৰ বাবে বিষাক্ত ভাইৰাছ।বহু লোক এই তিনিটা ভাইৰাছত  সংক্ৰমিত হৈছে।মানুহৰ মূৰত আক্ৰমণ কৰে এই ভাইৰাছকেইটাই।অখিল নামৰ ভাইৰাছক আৰক্ষীয়ে কৰায়ত্ত কৰিছে।বাকী দুজনক কৰায়ত্ত কৰিব পৰা নাই।তিনিওটা ভাইৰাছক  কৰায়ত্ত  কৰি অসমৰ পৰা ধ্বংস কৰি পেলাব লাগে।"

Pic

ইফালে,বিশেষ পেজ তথা গ্রুপটোৰ বিৰুদ্ধে গোচৰ দাখিল কৰি সাংবাদিক মহন্তই কয়-"যিটো পোষ্ট দিছে তাত ভাষা কোনো মা-বাপ নাই।তাতে বুজি পোৱা যায় তেওঁলোকৰ জ্ঞান।"

বিজেপি আইটি চেলৰ উদ্যোগত এই সমূহ গ্রুপ চলি থকা বুলি গুৰুতৰ অভিযোগ    উত্থাপন কৰি কয়-"পুলিচ-প্ৰশাসনে চৰকাৰী পক্ষই দিয়া গোচৰত যিদৰে গুৰুত্ব দিয়ে,আমি দিয়া গোচৰতো গুৰুত্ব দিয়ক।"
 

সাম্প্ৰদায়িক মন্তব্য দিয়া প্ৰতিজনৰ বিৰুদ্ধে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় মহন্তই।

Your Comments