গুৱাহাটীৰ চাৰিগৰাকী ক'ভিড-১৯ৰ আক্রান্তৰ সবিশেষ সংবাদ মেলৰ জৰিয়তে অৱগত কৰিলে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি আক্রান্ত দেৱৰাজ আচাৰ্যৰ বাহিৰে বাকী তিনিজন আক্রান্তৰ নাই কোনো ট্ৰেভেল হিষ্টৰী।বাইহাটা চাৰিআলিৰ আক্রান্ত দেৱৰাজে নিজৰ গাড়ী লৈ শিলিগুৰি মেদিনাপুৰৰ পৰা দুই বন্ধুৰ সৈতে আহিছিল।সৰুসজাইত কোৱাৰেণ্টাইন কৰা আছিল তেওঁক।পিছত তেওঁৰ দেহত ক'ভিড-১৯ ধৰা পৰাত দুই বন্ধুকো কৰা হয় কোৱাৰেণ্টাইন।
আনহাতে,গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ বৰ্ষৰ ডাঃ লিথিকেশ ডি এছ নামৰ মেডিচিন বিভাগৰ ছাত্ৰগৰাকীৰ দেহত ২৭ এপ্ৰিলৰ পৰা কিছু লক্ষণ দেখা দিছিল।ক'ভিড-১৯ টেষ্টত জড়িত থকা কনিষ্ঠ চিকিৎসকগৰাকীয়ে ৩০ এপ্ৰিলত এখন ৱৰ্কশ্বপত অংশগ্ৰহণ কৰিছিল বুলি প্ৰকাশ কৰি মন্ত্ৰী ড: শৰ্মাই কয়-"আক্রান্ত চিকিৎসকগৰাকীৰ সান্নিধ্যত অহাৰ বাবে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ ৰমেন তালুলদাৰ আৰু ডাঃ বসন্ত হাজৰিকাসহ স্নাতক আৰু স্নাতকোত্তৰ বৰ্ষৰ বিদ্যাৰ্থীৰ সৈতে ৩৮৬ গৰাকীক কৰা হৈছে কোৱাৰেণ্টাইন।তাৰ ভিতৰত আছে প্ৰশাসনীয় আৰু তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰী"।
"ছাত্ৰজনে ১নং হোষ্টেল আৰু ৫নং হোষ্টেললৈ কেইবাদিনো ভাত খাবলৈ যোৱাৰ বাবে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে।তিনিদিনৰ বাবে ৰোগীৰ বাবে বন্ধ চিকিৎসা মহাবিদ্যালয়খন।"
"চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসক-নাৰ্ছ তথা চিকিৎসাকর্মীসকলৰ ইতিমধ্যে নমুনা সংগ্ৰহ কৰা হৈছে।মাজৰাতি ফলাফল সমূহ পোৱা হ'ব" -মন্ত্ৰী শৰ্মাই লগতে কয়।
আন এগৰাকী আক্রান্ত খাৰঘূলি পাহাৰৰ বৰদা দাস।আক্রান্ত হোৱাৰ সময়ত ছোৱালীৰ সৈতে আছিল।তেওঁৰ জ্বৰ আৰু পিছলৈ ডায়েৰীয়াৰ লক্ষণ দেখা দিছিল।প্ৰথম এম এম চিত দেখুওৱাৰ পিছত জি এম চি এইছত কৰা হয় পৰীক্ষা।বৰ্তমান তেওঁৰ পৰিয়ালক কৰা হৈছে কোৱাৰেণ্টাইন।
আনহাতে,ইতিমধ্যে মৃত্যু হোৱা দীপিকা নামৰ ১৬বছৰীয়া কিশোৰীগৰাকীৰ পৰিয়ালক কোৱাৰেণ্টাইন কৰা হৈছে।বি বৰুৱা কৰ্মচাৰী ক'লনিক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে।
গুৰুত্বপূৰ্ণ যে আক্রান্ত ব্যক্তিসকলৰ ফলাফল লাভ কৰাৰ তিনিঘন্টাৰ পিছতে শেহতীয়াভাৱে সাক্ষাৎ কৰা ব্যক্তিসকলক চিনাক্ত কৰিছে স্বাস্থ্য বিভাগে।মন্ত্ৰী শৰ্মাই ৰাইজক আহ্বান জনায় কয়-"গুৱাহাটীৰ মহানগৰীৰ ভিতৰত সংক্ৰমণ আছে।কাঁহ,জ্বৰ আৰু ডায়েৰীয়াৰ লক্ষণ দেখিলে ১০৪ৰ জৰিয়তে চিকিৎসকৰ লগত যোগাযোগ কৰি পৰামৰ্শ গ্ৰহণ কৰক।শিশু আৰু ৬৫বছৰৰ উৰ্ধৰ ব্যক্তসকলক ওলাই নাহিব।"
আনহাতে মন্ত্ৰীগৰাকীয়ে কয় যে লকডাউনৰ নিয়ম ভংগ কৰিছে গুৱাহাটীৰ ৰাইজে।পিতৃ -মাতৃসকলে ১২বছৰৰ তলৰ সন্তানক লগত লৈ ওলাই আহিছে।
- Log in to post comments
- 11 views