গুৱাহাটীৰ চানমাৰিৰ অমিয় নগৰক প্ৰশাসনে কনটেইনমেণ্ট জ'ন ঘোষণা কৰিছে।অমিয় নগৰৰ সাৰদা দাসৰ দেহত কোভিড-১৯ ধৰা পৰাৰ পিছতে কামৰূপ(ম) জিলা প্ৰশাসনে ঘোষণা কৰিলে কনটেইনমেণ্ট জ'ন।উল্লেখ যে বৃহস্পতিবাৰে কোভিড-১৯ধৰা পৰা গুৱাহাটীৰ চাৰিজন আক্রান্তৰ অন্যতম আছিল সাৰদা দাস।
ইফালে,অন্য এজন আক্রান্ত হৈছে চাংসাৰিৰ দেৱৰাজ আচাৰ্য।তিনিদিন পূৰ্বে শিলিগুৰিৰ পৰা আহিছিল তেওঁ।বৰ্তমান গুৱাহাটী মেডিকেল কলেজত ৰখা হৈছে তেওঁক।
- Log in to post comments
- 12 views