ই এছ আই চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিছিল মৃত দীপিকাই

E s i

নিউজ ডেস্ক:

সময় যিমানে বাগৰিছে নতুন নতুন তথ্য পোহৰলৈ আহিছে গুৱাহাটীৰ কোভিড-১৯ত আক্রান্ত ঘটনাৰ।ইতিমধ্যে মৃত্যু হোৱা ১৬বছৰীয়া কিশোৰী দীপিকা বাছফৰে মহানগৰীৰ ই এছ আই চিকিৎসালয়ত চিকিৎসা কৰাই আছিল বুলি জানিব পৰা গৈছে। কাহ আৰু জ্বৰত আক্রান্ত হৈ বিগত দুদিন চিকিৎসালয়খনলৈ আহিছিল মৃত দীপিকা।ইফালে দীপিকাৰ মৃত্যুৰ পিছত মহানগৰীৰ ভূতনাথত দীপিকাৰ শেষকৃত সম্পন্ন কৰা হৈছিল।শেষকৃতত জড়িত থকা ৮জনকৈ ব্যক্তিকো কৰা হৈছে কোৱাৰেণ্টাইন। মৃত্যু  কিশোৰী গৰাকীৰ  পৰিয়ালৰ লোককো ইতিমধ্যেই কৰা হৈছে কোৱাৰেণ্টাইন ।

আনহাতে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানখন কনটেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে।চিকিৎসক কেম্পাছকো ঘোষণা কৰা হৈছে কোৱাৰেণ্টাইন জ'ন হিচাপে।জৰুৰীকালীন সেৱাৰ বাহিৰে বাকী সকলো ২৮দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে চিকিৎসালয়খনত।জৰুৰীকালীন সেৱা চিকিৎসালয়খনৰ বাহিৰত থকা চিকিৎসক সকলে কৰিব।

উল্লেখ যে আজি পুৱাৰ ভাগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কামৰূপ(ম) জিলা উপায়ুক্ত বিশ্বজিৎ পেগু আৰু চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ  সৈতে বৈঠকত মিলিত হৈছিল।তাতে গ্ৰহণ কৰা হৈ এই সিদ্ধান্ত সমূহ।

ইফালে চিকিৎসালয়খনৰ কাষত বাস কৰা লোকসকলকো হোম কোৱাৰেণ্টাইন কৰাৰ আশংকা প্ৰকট হৈ উঠিছে।

Your Comments