নিউজ ডেস্ক :
গুৱাহাটীৰ বিৰুবাৰীস্থিত বি বৰুৱা কেন্সাৰ ইনষ্টিটিউট কিছু সময়পূৰ্বে ছীল কৰা হয়।১০ মে'লৈ নতুন ৰোগীৰ বাবে বন্ধ কৰি দিয়া হৈছে চিকিৎসালয়খন।নতুনকৈ কোনো ৰোগীক চিকিৎসালয়খনৰ ভিতৰত প্ৰৱেশ কৰিবদিয়া হোৱা নাই।গেট বন্ধ কৰি দিয়া হৈছে চিকিৎসালয় খনৰ।চিকিৎসালয়খন সম্পূৰ্ন চেনিটাইজ কৰাৰ পিছতহে নতুন ৰোগীৰ বাবে মুকলি কৰি দিয়া হ'ব হাস্পিতালখন।এই কথা অৱগত কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই। চিকিৎসালয়খনৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি সম্পূৰ্ন চিকিৎসালয়খন চাফা কৰি নিৰাপদ কৰাৰ পিছতহে ৰোগীৰ বাবে মুকলি কৰি দিয়া হ'ব।
উল্লেখ্য যে কৰ্কট প্ৰতিষ্ঠানখনৰ লগত জড়িত এগৰাকী ১৬বছৰীয়া কিশোৰী দীপিকা বাছফৰ কোভিড-১৯ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পিছতেই এই ঘোষণা কৰা হয়।
- Log in to post comments
- 10 views