'লকডাউন'ৰ মাজতে ৰাজ্যৰ শিক্ষা বিভাগৰ বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।জুলাইত নাপায় ছাত্ৰ-ছাত্ৰীয়ে গৰমবন্ধ।তাৰ পৰিৱৰ্তে ১ মে'ৰ পৰা ৩১ মে'লৈ ৰাজ্যত গৰম বন্ধৰ আনুষ্ঠানিক ঘোষণা কৰিলে মন্ত্ৰীগৰাকীয়ে।
জুন মাহৰ মাজভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাআৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফলাফল ফলাফল ঘোষণা কৰা হ'ব বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয়-"ৰিজাল্ট ঘোষণাৰ পিছতে ছাত্ৰ-ছাত্ৰীয়ে পূৰ্বৰ দৰে বিদ্যালয়ত নাপাব মাৰ্কশ্বিট।তাৰ পৰিৱৰ্তে ডিজিটেল মার্কশ্বিট লাভ কৰিব।পৰৱৰ্তী সময়ত ডিজিটেল মাৰ্কশ্বিটৰ সহায়ত ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক আৰু স্নাতক বর্ষত কৰিব পাৰিব নামভৰ্তি।"
ছাত্ৰ-ছাত্ৰীৰ নামভৰ্ত্তি প্ৰক্রিয়া অনলাইনত কৰা হ'ব বুলি ঘোষণা কৰি মন্ত্ৰী শৰ্মাই কয়- "নামভৰ্তি যিহেতু বিনামূলীয়া তাৰ বাবে বিশেষ চিন্তা কৰিব লগা একো নাই।নামভৰ্তি ফৰ্মখনতে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বেংক একাউন্টৰ নম্বৰ দিব লাগিব।যিহেতু ক'ৰ'নাৰ বাবে ছাত্ৰ-ছাত্ৰীক সাহায্য দিব লগা হ'লে তাৰ জড়িয়তে দিয়া হ'ব।"-
উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বর্ষলৈ পোৱা ছাত্ৰ-ছাত্ৰীসকলক নিজ-নিজ বিদ্যালয়ত অহা ২৬-২৮ মে'ত তিনিদিনৰ বাবে প্ৰদান কৰা হ'ব পাঠ্যপুথি।মাক্স,সামাজিক দূৰত্ব মানি চলি ছাত্ৰ-ছাত্ৰীসকলে কিতাপ সংগ্ৰহ কৰিব পাৰিব।"
দেশৰ অন্য ৰাজ্যসমূহৰ দৰে অসমৰ ছাত্ৰ--ছাত্ৰীসকলে যাতে ক'ৰ'নাৰ বাবে শিক্ষাবর্ষ হেৰুৱাব লগা নহয়,তাৰ বাবে শিক্ষাবর্ষ ১এপ্ৰিলৰ পৰা ৩১মার্চলৈ কৰিব পৰা যায় নেকি তাৰ পৰামৰ্শ ৰাজ্যৰ শিক্ষাবিদ আৰু ৰাইজৰ পৰা বিচাৰিছে মন্ত্ৰী ড: শৰ্মাই।পৰামৰ্শসমূহ অহা ১৫দিনৰ ভিতৰত 'ছেবা'লৈ পঠোৱাৰ বাবে আহ্বান জনায় সংবাদ মেলৰ জড়িয়তে।
- Log in to post comments
- 9 views