নিউজ ডেস্ক :
গুৱাহাটীত চাৰিজন ব্যক্তিৰ দেহত ক'ৰনা ভাইৰাছ ধৰা পৰা বুলি জানিব পৰা গৈছে।উক্ত চাৰিজন লোকৰ এজন বহিঃৰাজ্যৰ পৰা আহি হোম কোৱাৰেণ্টাইনত থকাৰ বিপৰীতে বাকী তিনিজন গুৱাহাটীৰে লোক।এই কথা প্ৰকাশ কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ।
উল্লেখ্য যে আজি সন্ধিয়াও ৰাজস্থানৰ পৰা গুৱাহাটীলৈ অহা লোক সকলৰ মাজতো চাৰিজন ক'ৰোনা আক্ৰান্ত বুলি চিনাক্ত হৈছিল।
তাৎপৰ্যপূৰ্ণ যে আজিৰ দিনটোতে ৮জনকৈ ক'ৰোনা আক্ৰান্ত লোক চিনাক্ত হোৱাৰ বিপৰীতে ৰাজ্যত এই পৰ্যন্ত আক্রান্তৰ সংখ্যা ৫৩জনলৈ বৃদ্ধি পায়।
- Log in to post comments
- 24 views