গৱেষক ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি হ'ব কলেজ-বিশ্ববিদ্যালয়:গল্প-ৰচনা-কবিতা প্ৰতিযোগিতাৰ আয়োজন কৰিব চৰকাৰে

Pic

"লকডাউনৰ সময়ত ৰাজ্যৰ গৱেষক ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মুকলি কৰি দিয়া হৈছে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়"-এই কথা ঘোষণা কৰিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।

৩১মে'ৰ পিছতো যদি লকডাউন বৃদ্ধি কৰিব লগা হয়,তেন্তে ৰাজ্যৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বর্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ পাঠদান আৰম্ভ কৰিব লাগিব।সেই সময়ত যিসকল ছাত্ৰ-ছাত্ৰী য'ত থাকিব,তাতে ওচৰৰ বিদ্যালয়খনলৈ গৈ পাঠগ্ৰহণ কৰিব লাগিব।শিক্ষকসকলেও য'ত আছে,তাতে ওচৰৰ বিদ্যালয়খনত পাঠদান কৰিব লাগিব।

ইফালে,ছাত্ৰ-ছাত্ৰীসকলক লকডাউনৰ সময়ত ব্যস্ত কৰি ৰাখিবলৈ শিক্ষা অভিযানে গল্প, কবিতা,ৰচনা আদি প্ৰতিযোগিতা আৰম্ভ কৰিব বুলি ঘোষণা কৰে মন্ত্ৰী শৰ্মাই।প্ৰতিটো শ্রেণীৰ বাবে পৃথক পৃথক বিষয় থাকিব।বিষয়সমূহ সংবাদ মাধ্যত দিয়া হ'ব।সকলো ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ বাধ্যতামূলক কৰা হ'ব বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয় "ছাত্ৰ-ছাত্ৰীসকলে লকডাউন খোলাৰ পিছত তেওঁলোকৰ বহীসমূহ বিদ্যালয়ত জমা দিব।সেই বহীসমূহৰ পৰা ১০হাজাৰ ছাত্ৰ-ছাত্ৰীক পুৰস্কাৰ প্ৰদান কৰা হ'ব।"

Your Comments