বিশাখাপট্তনমত ভয়াৱহ গেছ দুৰ্ঘটনা:বিষাক্ত গেছ নিৰ্গত হৈ ৮ জনৰ মৃত্যু 

Pic

অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্তনমত ভয়ংকৰ ঘটনা।চহৰখনৰ 'বিশাখা এল জি পলিমাৰ কোম্পানী'ৰ কাৰখানাৰ পৰা বিষাক্ত ষ্টিৰিন গেছ নিৰ্গত হোৱাৰ ফলত ৮ জন লোকৰ মৃত্যু ঘটিছে।বিষাক্ত গেছ নিৰ্গত হোৱাৰ বাবে কাৰখানাটোৰ কাষৰীয়া গাঁওসমূহত বহু লোক আক্ৰান্ত হৈছে।আক্ৰান্ত লোকসকলে উশাহ-নিশাহত কষ্ট পাইছে;মূৰৰ বিষ আৰু বমি হৈছে ১০০০ জনতকৈ অধিক লোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।কাষৰীয়া গাঁওসমূহৰ পৰা ৩০০০ লোকক এনডিআৰএফ আদি উদ্ধাৰ কাৰী দলে উদ্ধাৰ কৰে।বৃহস্পতিবাৰে পুৱতি নিশাৰ পৰা বিষাক্ত গেছ নিৰ্গত হোৱাৰ পিছত পুৱা ১০ বজাত গেছ  নিৰ্গত প্ৰক্ৰিয়া বন্ধ কৰাত সফলতা লাভ কৰা হয়।বিশাখাপট্তনমত এতিয়া তীব্ৰ আতংকময় পৰিৱেশ।ভূপাল গেছ দুৰ্ঘটনাৰ পিছতে ভয়াৱহ গেছ দুৰ্ঘটনা হিচাপে চিহ্নিত হৈছে বিশাখাপট্তনমৰ গেছ দুৰ্ঘটনা।

Your Comments