অসম ছাত্ৰ পৰিষদে আনুষ্ঠানিকভাৱে মুকলি কৰিলে 'ছাত্ৰ পুথিভঁৰাল'

Pic

'লকডাউন'ৰ মাজতে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে অসম ছাত্ৰ পৰিষদৰ ব্যতিক্ৰমী প্ৰয়াস।অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত বুধবাৰে ছাত্ৰ সংগঠনটোৱে শিক্ষাৰ্থীৰ বৈদ্ধিক উত্তৰণৰ বাবে মুকলি কৰিলে পুথিভঁৰাল।ছাত্ৰ পুথিভঁৰালটো মুকলি কৰে অগপৰ কমলপুৰ সমষ্টি বিধায়ক সত্যব্ৰত কলিতাই।পুথিভঁৰালতো মুকলি কৰি বিধায়ক কলিতাই কয়-"লকডাউনৰ সময়ত এয়া যোগাত্মক পদক্ষেপ।দুৰ্যোগৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলক এই পদক্ষেপে মানসিকভাৱে সহায় কৰিব।দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পৰা অধিক উপকৃত হ'ব।অসম ছাত্ৰ পৰিষদৰ প্ৰয়াস সফল হওঁক।"

আনহাতে,পুথিভঁৰালটো মুকলিৰ পিছতে অগপ মুখ্য কাৰ্যালয়ত অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱাই সংবাদ মাধ্যমৰ আগত কয়-'ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ পুথিভঁৰাল আৰম্ভ কৰা হৈছে।প্ৰতি জিলাত কিতাপ সংগ্ৰহ কৰিবলৈ সদস্য থাকিব।আজিৰে পৰা অহা ২৬ মে' পৰ্যন্ত জিলাত থকা স্বেচ্ছাসেৱকসকলে বিভিন্নজনৰ পৰা কিতাপসমূহ সংগ্ৰহ কৰিব।তাৰ পিছতে সংগ্ৰহ কৰা কিতাপসমূহ ২৬ মে'ৰ পৰা ৬ জুন পৰ্যন্ত কিতাপসমূহ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিতৰণ কৰা হ'ব।লগতে ৬ জুনৰ পৰা ১৬ জুন পৰ্যন্ত বিভিন্ন ধৰণৰ বাহিৰা কিতাপ বিতৰণ কৰা হ'ব"।কিতাপসমূহৰ বাবে যিসকল ছাত্ৰ-ছাত্ৰীয়ে যোগাযোগ কৰিব,সেইসকলক ঘৰে-ঘৰে গৈ কিতাপ যোগান ধৰিব বুলি বৰুৱাই লগতে কয়।

ইফালে,পুথিভঁৰালৰ সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ সুবিধা হোৱাকৈ শীঘ্ৰে এটি 'এপ' মুকলি কৰাৰ কথা ঘোষণা কৰে অসম যুৱ পৰিষদৰ সভাপতি সুনীল ডেকাই।


অনুষ্ঠানত উপস্থিত থাকে অসম যুৱ পৰিষদৰ কাৰ্যকাৰী সভাপতি তপন দাস।

Your Comments