ঘৰৰ পৰাই হিমালয়ৰ সৌন্দৰ্য উপভোগ কৰিছে বিহাৰবাসীয়ে

Bihar

নিউজ ডেস্ক:-
মাউণ্ট এভাৰেষ্ট বুলিলেই মনলৈ আহে প্ৰকৃতিৰ নান্দনিক আৰু মনোমোহা দৃশ্য।কিন্তু প্ৰকৃতিৰ এই মনোমোহা দৃশ্য প্ৰতিদিনেই উপভোগ কৰাৰ সোভাগ্য সকলোৰে নাথাকে।পিছে এইক্ষেত্ৰত বিহাৰৰ সিংহবাহিনী গাঁওবাসী বেছ সৌভাগ্যবান। কিয়নো প্ৰতিদিনেই তেওঁলোকে উপভোগ কৰিব পাৰে প্ৰকৃতিৰ এই নান্দনিক দৃশ্য।দীৰ্ঘদিনীয়া তলাবন্ধৰ বাবে  জনজীৱন একপ্ৰকাৰ স্তব্ধ।ইয়াৰ সমান্তৰালকৈ হ্ৰাস পাইছে  বায়ু প্ৰদূষণৰ মাত্ৰা। যাৰ বাবে এতিয়া বিহাৰৰ সিংহবাহিনী গাঁওৰ পৰা মাউণ্ড এভাৰেষ্ট সুন্দৰকৈ প্ৰত্যক্ষ কৰিব পাৰি।
     প্ৰথম অৱস্থাত IFSত কৰ্মৰত প্ৰবীণ কাচৱান নামৰ ব্যক্তিজনে এই ছবিখন তেওৰ টুইটাৰ একাউণ্টত কৰি  ছবিখনৰ সবিশেষ উল্লেখ কৰিছিল। অৱশ্যে এই দৃশ্য কেইবা দশকৰ পাছতহে পুনৰ প্ৰত্যক্ষ হৈছে বুলি উল্লেখ কৰে বিষয়াজনে

Your Comments