সুৰাপায়ীৰ বাবে সুখবৰ : হোম ডেলিভাৰীত লাভ কৰিব সুৰা

Wine

নিউজ ডেস্ক:-
সম্প্ৰতি দেশত অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লকডাউন।অৱশ্যে তৃতীয় পৰ্যায়ৰ লকডাউনৰ এই সময়চোৱাত  কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কিছু কিছু ক্ষেত্ৰত শিথিলতা অৱলম্বন কৰিছে। বিশেষকৈ দেশত সুৰাৰ বিপনীসমূহ খোলাৰ ক্ষেত্ৰত চৰকাৰে দিয়া অনুমতিক লৈ বিভিন্ন মহলত  সমালোচনাৰ  সৃষ্টি হৈছে।এই ক্ষেত্ৰত আকৌ হাৰিয়ানাৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিলে এক ব্যতিক্ৰমী পদক্ষেপ। এতিয়াৰে পৰা হাৰিয়ানাৰ জনসাধাৰণে ঘৰতেই পাব সুৰা।অৰ্থ্যাত হাৰিয়ানা চৰকাৰে সুৰাৰ হোম ডেলিভাৰীৰ ব্যৱস্থা কৰিছে। চৰকাৰী নিৰ্দেশনা অনুসৰি এজন লোকে এবাৰত ৫০০০ মি:লি হে অৰ্ডাৰ কৰিব পাৰিব।  আকৌ প্ৰতিটো অৰ্ডাৰৰ বাবদ ১২০টকাকৈ ডেলিভাৰী মাচুল গ্ৰহণ কৰা হ'ব। আনহাতে পাঞ্জাৱ চৰকাৰেও এই সুৰাৰ হোম ডেলিভাৰীৰ কথা  চিন্তা কৰিছে। জানিব পৰা মতে মংগলবাৰে সন্ধিয়া ৬বজালৈ পাঞ্জাৱতো সুৰাৰ হোম ডেলিভাৰী হোৱাৰ সম্ভাৱনা আছে।

Your Comments