গুৱাহাটীত দোকান খোলাৰ সন্দৰ্ভত জিলা উপায়ুক্তই ঘোষণা কৰিলে নতুন নিয়ম:নিয়ম ভংগ কৰিলে অনুজ্ঞাপত্ৰ হ'ব বাতিল

Pic

তৃতীয় পৰ্যায়ৰ 'লকডাউন'ত গুৱাহাটী মহানগৰীত ব্যৱসায়িক প্ৰতিষ্ঠান মুকলি কৰাৰ সন্দৰ্ভত কামৰূপ(ম)জিলা উপায়ুক্ত আৰু বজাৰ কমিটীৰে গুৰুত্বপূৰ্ণ বৈঠক।জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হোৱা বৈঠকত গ্ৰহণ কৰা হয় কোনখন দোকান,কেতিয়া খুলিব পাৰিব,তাৰ সিদ্ধান্ত।

বৈঠক শেষ হোৱাৰ পিছতে উপায়ুক্ত বিশ্বজিৎ পেগুৱে সংবাদ মাধ্যমৰ আগত কয়-"মাৰ্কেট কপ্লেক্স বা মল খুলিব নোৱাৰিব।মাৰ্কেট কপ্লেক্সত থকা কাৰ্যালয়সমূহ বন্ধ থাকিব।"

"অকলে থকা দোকানসমূহ খুলিব পাৰিব।কিন্তু একেলগে থকা দোকানসমূহ সদায় খুলিব নোৱাৰিব।লগত থকা এখন দোকান সপ্তাহত দুদিন খুলিব পাৰিব।দেওবাৰে সকলো দোকান বন্ধ থাকিব"-উপায়ুক্তগৰাকীয়ে কয়।

এক-তৃতীয়াংশ দোকান খোলাটো হলচেলাৰ আৰু ৰিটেইলাৰৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব বুলি উল্লেখ কৰি তেওঁ আৰু কয়-
"চাহৰ দোকান,ৰেষ্টুৰেণ্ট অথবা আইচক্ৰিম পাৰ্লাৰ খোলা থাকিব।কিন্তু তেওঁলোকে হোম ডেভিভাৰী ব্যৱস্থা  কৰিব লাগিব অথবা গ্ৰাহকে ঘৰলৈ লৈ যাব লাগিব।কোনো লোকে খাব নোৱাৰিব দোকানতে।"

আনহাতে,নিয়ম ভংগ কৰিলে বিহীত ব্যৱস্থা প্ৰশাসনে গ্ৰহণ কৰিব বুলি উল্লেখ কৰি পেগুৱে কয়-"নিয়ম ভংগ কৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাতিল কৰা হ'ব অনুজ্ঞাপত্ৰ।"

জিলাখনত চেলুন,পাৰ্লাৰ বন্ধ থাকিব।কিন্তু ঘৰত আহি সেৱা আগবঢ়াব পাৰিব।পদপথৰ সকলো দোকান বন্ধ থাকিব।

Your Comments