ক'ৰ'না সংক্ৰমণ ৰোধৰ বাবে ঘোষণা হোৱা লকডাউনে বিধ্বস্ত কৰা ৰাজ্যৰ অৰ্থনীতি পূৰ্বৰ অৱস্থালৈ ঘূৰাই অনাৰ বাবে গঠন কৰা হ'ল বিশেষ পৰামৰ্শদাতা কমিটী।২৮ এপ্ৰিলত অৰ্থনীতিবিদৰে বৈঠকৰ সিদ্ধান্ত মৰ্মে ৰাজ্য চৰকাৰে গঠন কৰে ৮ জনীয়া বিশেষ সমিতিখন।
গঠন হোৱা বিশেষ সমিতিখনৰ অধ্যক্ষৰ দায়িত্ব অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া সুভাষ দাসক অপৰ্ণ কৰা হৈছে।সদস্যসকল অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূতপূর্ব উপাচাৰ্য ডঃ কে এম বুজৰবৰুৱা,গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ মাধুৰ্য বেজবৰুৱা,গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ জয়দীপ বৰুৱা,ডঃ অমিয় শৰ্মা(কাৰ্যবাহী সঞ্চালক আৰজিভিএন),গৌতম গোস্বামী, কৃষ্ণকান্ত বৰা,বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকন।
উল্লেখ যে এই সমিতিৰ পৰামৰ্শ অনুসৰি অৰ্থনীতিৰ দিশটোত ৰাজ্য চৰকাৰে কাৰ্য সম্পাদন কৰিব।
- Log in to post comments
- 26 views