'অন্ধ ভক্তৰ বাহিৰে কোনো সচেতন লোকে সাংবাদিক অৰ্ণৱ গোস্বামীক সমৰ্থন নকৰে'-অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

Pic

বিশিষ্ট সাংবাদিক অৰ্ণৱ গোস্বামীৰ ওপৰত মুম্বাইত হোৱা দুৰ্বৃত্তৰ আক্রমণক নিকৃষ্ট ৰাজনীতি আখ্যা অসম প্ৰদেশ কংগ্ৰেছৰ।'নিকৃষ্ট ৰাজনীতি কৰিবলৈ গৈ সংবাদ জগতত কালিমা সানিলে অৰ্ণৱ গোস্বামীয়ে'-অভিযোগ অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ।

মুখপাত্ৰ ভট্টাচাৰ্যই আজি সংবাদ মাধ্যমৰ আগত কয়-'কিছুসংখ্যক অন্ধ ভক্তৰ বাহিৰে কোনো সচেতন লোকে সাংবাদিক গোস্বামীক সমৰ্থন নকৰে।লগত পত্নী থকাৰ পিছতো বিচক্ষণ সাংবাদিকজনে আক্ৰমণ কৰা দুস্কৃতিকাৰীৰ ফটো এখনো ল'ব নোৱাৰিলে নেকি।'

আক্ৰমণক সম্পূৰ্ণ পৰিকল্পিত তথা উদ্দেশ্য প্ৰণোদিত আখ্যা দি দলটোৰ মুখপাত্ৰ ভট্টাচাৰ্যই কয়-'বিজেপিৰ পৃষ্ঠপোষকতা কৰিবলৈ গৈ তেওঁ সনাতন ধৰ্মৰ ব্যাখ্যা কৰিছে।'লগতে গোস্বামীক প্ৰশ্ন কৰি কয়-'ছোনিয়া গান্ধীয়ে ইটালীক পাহৰি ভাৰতক আঁকোৱালি ল'লে,আপুনি অসমক পাহৰা নাই নেকি?'

উল্লেখযোগ্য,সাংবাদিক গোস্বামীয়ে বুধবাৰৰ এটা টক শ্ব'ত এজন কংগ্ৰেছী জ্যেষ্ঠ নেতাক উদ্দেশ্য কৰি কৈছিল-'আপোনালোকৰ দলৰ ৰোমৰ পৰা অহা ইটালীয়ান ছোনিয়া গান্ধী আজি মনে মনে আছে।মোৰ মনে কৈছে তেওঁ হিন্দু সন্যাসী হত্যা হোৱাৰ পিছত মনে মনে আনন্দিত।তেওঁ ইটালীত ৰিপোৰ্ট দিব যে চাওক য'ত আমাৰ চৰকাৰ হৈছে,তাতে আমি হিন্দু সন্ন্যাসী হত্যা কৰাইছোঁঁ।তাৰ পৰা ৱাহ ৱাহ পাব।"

Your Comments