ৰাজ্যত আৰম্ভ হ'ল ক'ভিড-১৯ৰ ৰেপিড টেষ্ট:স্পেনিছ গাৰ্ডেনত আৰম্ভ হ'ল পৰীক্ষা

Pic

ক'ৰ'না ভাইৰাছ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে তৎপৰ ৰাজ্য স্বাস্থ্য বিভাগ।ইণ্ডিয়ান কাউন্সিল ফ'ৰ মেডিকেল ৰিচাৰ্চৰ নিৰ্দেশ মৰ্মে বৃহস্পতিবাৰে পৰা ৰাজ্যত আৰম্ভ হ'ল ৰেপিড টেষ্টৰ।স্পেনিচ গাৰ্ডেনত পৰীক্ষামূলকভাৱে  আৰম্ভ কৰে স্বাস্থ্য মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে উপস্থিত থাকে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা। 

স্পেনিচ গাৰ্ডেনৰ ১০০ জন নিৰ্বাচিত লোকককৰা হয় পৰীক্ষা।স্বাস্থ্য মন্ত্ৰীৰ উপস্থিতিত ১৫ গৰাকী লোকক পৰীক্ষা কৰি ফলাফল ঋনাত্মক পোৱা গৈছে।এই কথা প্ৰকাশ কৰিছে মন্ত্ৰী ডঃ শৰ্মাই৷ 

উল্লেখ্য যে স্পেনিচ গাৰ্ডেন আৱাসিক  এলেকাৰ এগৰাকী ব্যক্তি ক'ৰ'না আক্ৰান্ত বুলি ধৰা পৰাৰ পিচতে প্ৰশাসনৰ পৰা বন্ধ কৰি দিয়া হৈছিল প্ৰৱেশ-প্ৰস্থান।আজি ৰেপিড টেষ্টৰ সকলো পৰীক্ষাৰ ফলাফল ঋনাত্মক হ'লে ৪৮ ঘন্টাৰ ভিতৰত পুনৰ খুলি দিয়া হ'ব স্পেনিচ গাৰ্ডেন।এই কথা মন্ত্ৰী শৰ্মাই উল্লেখ কৰে ৷ 

গুৰুত্বপূূৰ্ণ যে ভাৰত চৰকাৰৰ পৰা  ৯ হাজাৰৰো অধিক ৰেপিড টেষ্ট কিট লাভ কৰিছে ৰাজ্য চৰকাৰে।ইয়াৰ জড়িয়তে ১৫ মিনিটৰ ভিতৰত পাব ফলাফল ৷ 

ইফালে,আঠগাঁঁও কবৰস্থান মচজিদত আগন্তুক দুই-এদিনৰ ভিতৰতে ৰেপিড টেষ্ট কৰিব ৰাজ্যৰ স্বাস্থ্য বিভাগে। 

আনহাতে,এসপ্তাহৰ মূৰত আজি ধুবুৰীৰ বিলাসীপাৰাত ধৰা পৰা ক'ৰ'না আক্ৰান্ত ৰোগীগৰাকীৰ সন্দৰ্ভত মন্ত্ৰী শৰ্মাই কয়- 'কোৱাৰেন্টাইনত থকা ব্যক্তিগৰাকীৰ দেহত ১৮ দিনত ধৰা পৰিছে ক'ৰ'নাৰ উপস্থিতি‌।চীনে আমাক জনোৱা অনুসৰি ১৪ দিনতে ধৰা পৰাৰ কথাটো এতিয়া কিছু সলনি হৈছে।তাৰ বাবে যিসকল ব্যক্তিৰ দেহত ক'ৰ'না ধৰা পৰিছে বা প্ৰত্যক্ষ সংস্পৰ্শত আছে,তেওঁঁলোকক ২৮ দিনৰ বাবে কৰা হ'ব কোৱাৰেন্টাইন।

Your Comments