ডিব্ৰুগড় জিলা ন্যায়িক দণ্ডাধীশৰ আদালতে এদিন পূৰ্বে জামিন মঞ্জুৰ কৰা এটা গোচৰত বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন(UA(P)A)-1967 লগতে অন্য গুৰুতৰ অপৰাধৰ ধাৰা নতুনকৈ সংযোজন কৰি একেটা গোচৰতে অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে।ডিব্ৰুগড়ৰ চাবুৱা থানাত যোৱা ১০ ডিচেম্বৰ,২০১৯ত আৰক্ষীয়ে 'কেব' বা 'কা' বিৰোধী আন্দোলনৰ হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি ৰুজু কৰা গোচৰ (নম্বৰ 289/2019 আৰু 290/2019) দুটাত নতুনকৈ UA(P)Act-1967ৰ 15(i)a ধাৰা আৰু ভাৰতীয় দণ্ডবিধি আইনৰ দুটা ধাৰা 153(A)/153(B) সংযোজন কৰি নিম্ন আদালতে যাতে জামিন দিব নোৱাৰে সেই চিন্তাৰে এই ব্যৱস্থা গ্ৰহণ কৰাৰ অভিযোগ উঠিছে।চাবুৱা থানাৰ এই গোচৰকে পুনৰ 'নিয়া'ক তদন্তৰ বাবে হস্তান্তৰ কৰি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্যৰ বিজেপি দলৰ চৰকাৰে কৃষক নেতা অখিল গগৈক ৰাজনৈতিক অক্ৰোষৰ লক্ষ্য কৰি লৈছে বুলিও অভিযোগ উঠিছে।অখিল গগৈৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাৰ আৰক্ষীয়ে পুনৰ 2107/2019 নম্বৰৰ এটা গোচৰত তেওঁক গ্ৰেপ্তাৰৰ বাবে ডিব্ৰুগড় জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰা হয় এখন আবেদন।বুধবাৰে ডিব্ৰুগড় আদালতে এই আবেদনৰ শুনানি গ্ৰহণ কৰি অখিল গগৈক Shown arrest কৰাৰ বাবে ডিব্ৰুগড় সদৰ থানাৰ আৰক্ষীক নিৰ্দেশ জাৰি কৰিছে।
- Log in to post comments
- 9 views