সৰুসজাইত কোৱাৰেন্টাইন শিবিৰত থকা ব্যক্তিৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বাৰ্তালাপ

Pic

মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে গুৱাহাটী মহানগৰীৰ সৰুসজাইত  কোৱাৰেন্টাইন শিবিৰত থকা একাংশ ব্যক্তিৰ লগত বাৰ্তালাপত মিলিত হয়।

শিবিৰত থকা ব্যক্তিসকলক উদ্দেশ্য কৰি মন্ত্ৰী শৰ্মাই কয়-"শান্তিত থাকক,বহুত ধুনীয়াকৈ মৰমত থাকক।কোনোৱে কাৰো গাত হাত নিদিয়াকৈ ভাল-ভাল কথা পাতি সময়খিনি পাৰ কৰক।আজি আপোনালোকৰ জিলাবিলাকলৈ ৰিপ'ৰ্ট গৈছে,সেইখিনি ঘূৰি অহাৰ পিচত যদি যাব দিব পাৰি ৰমজানৰ আগত যাবলৈ দিম,কিন্ত যিখিনিক যাবলৈ দিব নোৱাৰি,সেইখিনিক মই কোনো কাৰনতে যাবলৈ দিবলৈ নোৱাৰোঁ।"

গুৰুত্বপূৰ্ণ যে কোৱাৰেন্টাইনত থকা এজন ব্যক্তিক উদ্দেশ্য কৰি মন্ত্ৰী ডঃ শৰ্মাই খঙত কয় -"বাবা বেছি স্মাৰ্ট দেখালে মই কিন্তু এইখনক(কোৱাৰেন্টাইন শিবিৰ)জেললৈ  কনভাৰ্ট কৰি দিম।"

ইফালে,যদি কোনো কোৱাৰেন্টাইনত থকা লোক অসুবিধাত পৰিছে,তেন্তে অসুবিধাখিনি দূৰ কৰাৰ বাবে ব্যৱস্থা ল'বলৈ মন্ত্ৰী শৰ্মাই বিভাগক নির্দেশ প্ৰদান কৰে।

আনহাতে,চিকিৎসাকৰ্মীসকলক উদ্দেশ্য কৰি মন্ত্ৰী শৰ্মাই কয়-'আপোনালোক গুচি নাযাব।এইসকল লোকে হুলস্থুল কৰিলে আপোনালোকে কিয় ভয় খায়৷এওঁঁলোকক ভয় কৰিবৰ বাবে আমি ইয়াত আছো নেকি?এওঁঁলোকৰ ভালৰ বাবেহে আছোঁঁ।"

Your Comments