'লকডাউন' সন্দৰ্ভত কামৰূপ(মহানগৰ) জিলা উপায়ুক্ত কাৰ্যালয়ত মুখ্যমন্ত্ৰী সোণোৱালৰ গুৰুত্বপূৰ্ণ বৈঠক

Pic

'লকডাউন' সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে।বৈঠকৰ অন্তত সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ    ৰাইজৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হৈছে বিভিন্ন পদক্ষেপ।কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা মৰ্মে অসমৰ বিভিন্ন ক্ষেত্ৰত আৰম্ভ হৈছে কাম।

চাহ উদ্যোগ আৰু খেতি পথাৰত সামাজিক দূৰত্ব বজাই ৰাখি কাম আৰম্ভ কৰিলৈ কোৱা হৈছে।অসমৰ কেইবাহাজাৰ চাহ বাগিছাৰ  চৰ্দাৰ আৰু লাইন চকিদাৰৰ লগত কথা হৈছোঁঁ, যাতে নিয়মসমূহ মানি চলে।অসমৰ জনতাক যাতে ক'ৰ'না সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পৰা যায়,তাৰ বাবে লোৱা হৈছে ব্যৱস্থা। 

ইফালে,চৰকাৰী সাহায্য দিয়াক লৈ অহা কিছু অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে
অসৎ অভিপ্ৰায় গ্ৰহণ কৰাসকলক শীঘ্ৰেই চিনাক্ত কৰি শাস্তি ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
এই সন্দৰ্ভত গাওবুঢ়াসকলৰ লগতো মত-বিনিময় কৰা হৈছে।চৰকাৰৰ লক্ষ্য হৈছে কোনো যাতে ভোকত থাকিব লগা নহয়।


উল্লেখ যে কামৰূপ মহানগৰ জিলাৰ মঙলবাৰে পুনৰীক্ষণ কৰা হয়।বৈঠকত উপস্থিত থাকে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য,বিধায়ক অতুল বৰা,অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা।

বৈঠকত কামৰূপ মহানগৰ জিলা প্ৰশাসনক ২৪ ঘণ্টাই সক্ৰিয় হৈ থকাৰো  নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইফালে,ৰমজান মাহ উপলক্ষে মুখ্যমন্ত্ৰীৰ আহ্বান-'ঘৰতে নামাজ পঢ়ি ৰোজা পালন কৰক ইছলামধৰ্মী লোকসকলে।'ৰমজান মাহ উপলক্ষে গুৱাহাটীৰ ফল-মূলৰ ব্যৱসায়ীৰ লগত বৈঠক অনুষ্ঠিত কৰা হয়।

Your Comments