২৭ দিনৰ অন্তত পুনৰ আৰম্ভ জনতা ভৱনৰ কাম-কাজ

Pic

'লকডাউন'ৰ মাজতে মঙলবাৰৰ পৰা আৰম্ভ হ'ল জনতা ভৱনৰ কাম-কাজ।সম্পূৰ্ণ ২৭দিনৰ বিৰতিৰ পিছত কৰ্মচাৰীসকল আহিল নিজৰ কৰ্তব্যলৈ।প্ৰথম আৰু দ্বিতীয়বৰ্গৰ এশ শতাংশ কৰ্মচাৰীৰ সচিবালয়ত উপস্থিত থকাৰ বিপৰীতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৩০শতাংশ কৰ্মচাৰী উপস্থিত হয় জনতা ভৱনত।

প্ৰশাসনৰ ঘোষণা অনুসৰি পুৱা ৯ বজাত ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ জড়িয়তে কৰ্মচাৰীসকলক লৈ অহা হয় কৰ্মস্থলীলৈ।তাৰ পিছতে জনতা ভৱনত প্ৰৱেশ কৰাৰ আগমুহূৰ্তত সকলো কৰ্মচাৰীক হেণ্ড ছেনিটাইজাৰ সোমাবলৈ দিয়া হয় ভিতৰলৈ। ভিতৰত প্ৰৱেশ কৰোতে প্ৰশাসনৰ ফালৰ বান্ধি দিয়া নিয়মসমূহ মানি চলিবলৈ এখন গোহাৰী-পত্ৰ কৰ্মচাৰীসকলৰ হাতত অৰ্পণ কৰা হয়।

গুৰুত্বপূৰ্ণ যে সামাজিক দূৰত্ব মানি চলাৰ পৰা মাক্স পৰিধান কৰালৈকে সকলো বিষয়ত প্ৰশাসনে গ্ৰহণ কৰিছে ব্যাপক তৎপৰতা।কৰ্মচাৰীসকলক কাৰ্যালয়লৈ ব্যক্তিগত বাহন লৈ আহিবলৈ দিয়া হোৱা নাই।কিন্তু,প্ৰথম দিনা প্ৰশাসনৰ নির্দেশ অমান্য কৰি একাংশ  কৰ্মচাৰীয়ে লৈ আহে ব্যক্তিগত বাহন।

Your Comments