'টোলগেট মুকলি কৰি জুইৰ লগত খেলাৰ চেষ্টা নকৰিব'-অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদ

Pic

'লকডাউন'ৰ মাজতে দেওবাৰৰ ৰাতিৰ পৰা পুনৰ মুকলি কৰা হ'ল সমগ্ৰ দেশৰ লগতে ৰহাৰ টোলগেট।ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নিৰ্দেশত ৰাজ্য চৰকাৰে কৰ সংগ্ৰহৰ বাবে টোলগেট মুকলি কৰাৰ সিদ্ধান্তক লৈ জাঙুৰ খাই উঠিছে ৰাজ্যৰ একাংশ দল-সংগঠন।কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পিছত সোণোৱাল চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এইবাৰ জাঙুৰ খাই উঠিছে অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদ।জাতীয় সংগঠনটোৰ সভাপতি ৰুবুল দাসে টোলগেট মুকলি কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক সহজে গ্ৰহণ কৰিব পৰা বিষয় নহয় বুলি উল্লেখ কৰে।তেওঁ কয়-"কি কাণ্ডজ্ঞানহীন চৰকাৰ এইখন!লকডাউনে জুৰুলা কৰিছে দেশৰ অৰ্থনীতি।সমগ্ৰ ৰাজ্যৰ জনতা দুৱাৰ বন্ধ কৰি সোমাই আছে ঘৰত।অত্যাৱশ্যকীয় সেৱা আৰু স্বাস্থ্যখণ্ডৰ লগত জড়িত নিৰ্দিষ্ট গাড়ীসমূহ চলাচল কৰিছে।ৰাইজে যি সময়ত এমুঠি ভাতৰ বাবে হাহাকাৰ কৰিব লগা হৈছে,তেনে মুহূৰ্তত টোলগেট মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণযোগ্য হ'ব নোৱাৰে।"

কেন্দ্ৰৰ বিজেপি চৰকাৰৰ লগতে ৰাজ্যৰ সোণোৱাল চৰকাৰক সংগঠনটোৱে টোলগেট বন্ধ কৰাৰ দাবী জনায় কয়-"যি সময়ত তলাবন্ধ কাৰ্যসূচী সফল কৰি মানৱতা জীয়াই ৰাখিবৰ বাবে চেষ্টা কৰিছে,তেনে সময়ত টোলগেট বন্ধ কৰিবলৈ ৰাইজ আৰু দল-সংগঠন যদি ৰাজপথলৈ ওলাই আহিব লগা হয়,তাতকৈ দুৰ্ভাগ্যজনক কথা একো নহ'ব।"

সংগঠনটোৰ স্পষ্ট কথা কোনো কাৰণত ৰহা আৰু বিজনীৰ টোলগেট খুলিবলৈ দিয়া নহ'ব।অন্যথা পৰিস্থিতি ভয়াৱহ হ'ব।লগতে চৰকাৰক সকীয়নী জনাই দাসে কয়-"কোনো জাতীয়-জনগোষ্ঠীয় দল-সংগঠনক জোকাই নল'ব।জুইৰ লগত খেলা কৰাৰ পৰিনাম কিমান ভয়ংকৰ হ'ব কল্পনা কৰিব নোৱাৰিব।"

Your Comments