'সতী সাধনীৰ আদর্শৰে আগবাঢ়িব লাগে নৱ-প্ৰজন্ম':অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদ

Pic

'লকডাউন'ৰ মাজতে সোমবাৰে ৰাজ্যজুৰি ভিন্ন প্ৰান্তত সোঁৱৰণ কৰা হয় চুতীয়া ৰাজ্যৰ শেষৰ গৰাকী বীৰাংগনা ৰাণী সতী সাধনীক।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ গুৱাহাটী কাৰ্যালয়তো লকডাউনৰ পৰিপ্ৰেক্ষিতত অনানুষ্ঠানিকভাৱে পালন কৰা হয় সতী সাধনী দিৱস।সংগঠনটোৱে বীৰাংগনাগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পণ কৰে।এই কথা প্ৰকাশ কৰিছে সংগঠনটোৰ সভাপতি ৰুবুল দাসে।দেশপ্ৰেম,মৃত্যুঞ্জয়ী আদৰ্শ আৰু বীৰত্বৰে মহীয়ান বীৰাংগনা নাৰীগৰাকীক স্মৰণ কৰি সংগঠনটোৰ হৈ সভাপতি দাসে কয়-"সতী সাধনীৰ আদর্শৰে আগবাঢ়িব লাগে নৱ-প্ৰজন্ম।"

দেশ আৰু জাতিৰ বাবে যিসকল নাৰীয়ে আত্মবলিদান দিছিল,সেইসকলৰ ভিতৰত সতী সাধনী অন্যতম বুলি উল্লেখ কৰি চৰকাৰক আহ্বান জনাই দাসে কয়-"চুতীয়া জনগোষ্ঠীৰ দীর্ঘদিনীয়া দাবীসমূহ পূৰণ কৰিব লাগে।"

উল্লেখ্য যে সংগঠনটোৰ হৈ উক্ত কাৰ্যসূচীত উপস্থিত থাকে সাধাৰণ সম্পাদক কমলা কান্ত দাস,ক্ৰীড়া আৰু সাংস্কৃতিক সম্পাদক সুনীল দাস।

Your Comments