"মঙলবাৰৰ পৰা যিসমূহ ক্ষেত্ৰত 'লকডাউন' শিথিল কৰা হৈছে,তাতো মানি চলিব লাগিব নিৰ্দিষ্ট নিয়মসমূহ"-আৰক্ষী সঞ্চালক প্ৰধান

Pic

মঙলবাৰৰ পৰা ৰাজ্যত সামান্য শিথিল হ'ব 'লকডাউন'।নিৰ্দিষ্ট সেৱাসমূহৰ বাহিৰে বাকী সেৱাসমূহত পূৰ্বৰ দৰে কঠোৰ হ'ব আৰক্ষী।এই কথা প্ৰকাশ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাষ্কৰজ্যোতি মহন্তৰ।খানাপাৰাৰ অসম পদাধিকাৰী মহাবিদ্যালয়ত সোমবাৰে এখন সংবাদ মেল সম্বোধন কৰি সঞ্চালক প্ৰধান মহন্তই সকলোকে আহ্বান জনায় কয়-"মাস্ক পিন্ধাতো বাধ্যতামূলক।যিসমূহ ক্ষেত্ৰত লকডাউন শিথিল কৰা হৈছে তাতো মানি চলিব লাগিব নিৰ্দিষ্ট নিয়মসমূহ।"

ইফালে ব্যক্তিগত বাহনসমূহ চলাচল কৰাত পূৰ্বৰ দৰে আছে বাধা।মটৰ চাইকেলত এজন আৰু চাৰিচকীয়া বাহনত দুজন ব্যক্তিয়ে পাৰিব যাত্রা কৰিব।লগতে তেওঁ কয় যে কৰ্মচাৰীসকলে আইকাৰ্ডসমূহ লৈ অহাটো গুৰুত্বপূৰ্ণ।

উল্লেখ যে লকডাউন সফল কৰাৰ বাবে ৫০০০জন অতিৰিক্ত হোমগাৰ্ড অসম আৰক্ষীত দিয়া বুলি উল্লেখ কৰি মহন্তই কয়-"সকলোৱে সামাজিক দুৰত্ব বৰ্তাই ৰাখিব।পাঁচজনতকৈ অধিক লোক সমবেত হব নোৱাৰিব।"

ইফালে,প্ৰতিটো অঞ্চলত স্থানীয় প্ৰশাসনে চকু দিব বিয়াৰ লগতে অন্য অনুষ্ঠান সন্দৰ্ভত।ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত লকডাউনৰ সময়ছোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

ইফালে,অত্যাৱশ্যকীয় সেৱাৰে জড়িত লোকে লগত পৰিচয়-পত্ৰ নিব লাগিব উল্লেখ কৰি মহন্তই কয় দোকানত কাম কৰা প্ৰতিজন লোকে লগত ৰাখিব লাগিব পৰিচয়-পত্ৰ।

আইন ভগংকাৰী বিৰুদ্ধে যান-বাহন আৰক্ষীৰ তালাচী বৰ্তমানৰ দৰে অব্যাহত থাকিব।

স্বাস্থ্য বিভাগৰ লোক অনাহকত আৰক্ষীৰ ৰোষত পৰিলে তেনে আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে সঞ্চালক প্ৰধান মহন্তই।

আনহাতে ছ’চিয়েল মিডিয়াত পোষ্ট কৰোতে সকলোকে সাৱধান হোৱাৰ আহ্বান জনাই তেওঁ কয়-"এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে বহু।লোকক।ডিলিট কৰা হৈছে বহু ফেচবুকৰ পোষ্ট"।

Your Comments