মহানগৰীত বীৰাঙ্গনা সতী সাধনীৰ স্মৃতি  দিৱস পালন:মহীয়সীগৰাকীৰ স্মৃতি দিৱসত মুখ্যমন্ত্ৰীৰ সোণোৱাল,মন্ত্ৰী অতুল বৰাই কৰিলে স্মৰণ

Pic

আজি সাত ব'হাগ।১৫২৪ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে চুতীয়া ৰাজ্যৰ শেষগৰাকী ৰাণী অৰ্থাৎ বীৰাঙ্গনা সতী সাধনীয়ে দেশ আৰু স্বজাতিৰ বাবে আত্মবলিদান দিছিল।দেশপ্ৰেম, মৃত্যুঞ্জয়ী আদৰ্শ আৰু বীৰত্বৰে মহীয়ান বীৰাংগনা নাৰী সতী সাধনীক আজি ৰাজ্যবাসীয়ে সশ্ৰদ্ধ স্মৰণ কৰিছে।প্ৰকৃতাৰ্থত, সাহস, ধৈৰ্য, বীৰত্ব আৰু দেশ–জাতিৰ বাবে চৰম বলিদান দিয়া যি কেইগৰাকী অসমীয়া বীৰাঙ্গনাৰ নাম ইতিহাসৰ বুকুত স্বৰ্ণলিপিৰে খোদিত হৈ আছে,তেওঁলোকৰ ভিতৰত অন্যতম বীৰাঙ্গনা সতী সাধনী।এই মহান নাৰীগৰাকীৰ স্মৃতি দিৱসত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্মৰণ কৰি কয়, 'স্বদেশপ্ৰেমৰ যুগজয়ী প্ৰতীক-অসমৰ মহীয়সী বীৰাঙ্গনা সতী সাধনীক মৃত্যু দিৱসত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।তেখেতৰ আত্মমৰ্যাদা,দৃঢ় মনোবল আৰু অদম্য সাহসৰ কাহিনীয়ে সকলো প্ৰত্যাহ্বান নেওচি জীৱন যুঁজত জয়ী হ'বলৈ আমাক সদায়েই অনুপ্ৰেৰণা যোগাব।"

ইফালে মন্ত্ৰী অতুল বৰাই বীৰাঙ্গনাগৰাকীক শ্ৰদ্ধা জনাই কয়,'স্বদেশপ্ৰেম আৰু অদম্য সাহসৰ প্ৰতীক,বীৰাঙ্গনা সতী সাধনীক মৃত্যু দিৱসত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।এইগৰাকী মহীয়সীৰ চৰম ত্যাগৰ ইতিহাসে বিশ্বৰ জনমানসত অসমীয়া নাৰীক যুগে যুগে মৰ্যাদাপূৰ্ণ স্থানত উপনীত কৰোৱাই আহিছে। সতী সাধনীৰ আদৰ্শেৰে উদ্বুদ্ধ হ‌ওক অসমৰ নতুন প্ৰজন্ম |'
      

উল্লেখ যে বিশ্বত মহামাৰী ৰূপ ধাৰণ কৰা ক'ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবেই কেৱল আনুষ্ঠানিকতা ৰক্ষা কৰি পালন কৰা হৈছে মহান নাৰীগৰাকী বিশেষ দিনটো।  

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ক্ষীৰোদ শইকীয়া আৰু সম্পাদক মহেন বৰাই সামাজিক ব্যৱধানৰ মাজেৰে  ৰাজ্যৰ ভিন্ন অঞ্চলত থকা সাধনী ভৱনত পতাকা উত্তোলন আৰু এগছি চাকিৰে বীৰাঙ্গনাগৰাকীক স্মৰণ কৰিছে।সন্ধিয়া ৰাজ্যবাসীক পদূলিমুখত বন্তি প্ৰজ্বলন জৰিয়তে মহীয়সীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহ্বান জনাইছে।

দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ বৰবাৰী মেগজিনস্থিত মুখ্য কাৰ্যালয় তথা বীৰাঙ্গনা সতী সাধনীৰ ভৱনত আজি পুৱা পতাকা উত্তোলন,গছপুলি ৰোপণ আৰু প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয়।উক্ত অনুষ্ঠানত সদৌ চুতীয়া জাতি সন্মিলনৰ মহানগৰ জিলা সমিতিৰ সভাপতি তৰুণ চুতীয়া,সম্পাদক মনোজ দাস,সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক কুণ্ডিল চুতীয়া উপস্থিত থাকে।

Your Comments