মহানগৰীত প্ৰশাসনে ছীল কৰিলে অনুজ্ঞাপত্ৰবিহীনভাৱে মুকলি কৰা দোকান

Pic

'লকডাউন' সফল কৰাৰ বাবে মহানগৰীত কঠোৰ হৈছে গুৱাহাটী মহানগৰ জিলা প্ৰশাসন।সোমবাৰে পুৱাই লকডাউনৰ সময়ত বিভাগৰ অনুজ্ঞাপত্ৰ নথকাকৈ অবৈধভাৱে মুকলি কৰা দোকানৰ বিৰুদ্ধে অভিযান চলাই গুৱাহাটী পৌৰ নিগম আৰু পশুপালন বিভাগে।দিছপুৰৰ কাষতে ৰাজধানী মছজিদত জিএমচি আৰু পশুপালন বিভাগৰ অভিযানত  ছীল কৰা হ'ল এটা ছেমচাঙৰ ডিলাৰ।ছেমচাং ডিলাৰটোত অনুমতিবিহীনভাৱে বিক্ৰী কৰি আহিছিল মাছ আৰু মাংসৰ লগতে কণী।অভিযান কালত প্ৰশাসনে জব্ধ কৰে ৭১ কাৰ্টুন কণী।

উল্লেখ্য যে  ব্যৱসায়িক প্ৰতিষ্ঠানখনত কেৱল শাক-পাচলি বিক্ৰীৰ বাবে লকডাউনৰ সময়ত প্ৰশাসনে দিছিল অনুমতি। 

অভিযানকাৰী দলে প্ৰকাশ কৰা অনুসৰি সম্পূৰ্ন অস্বাস্থ্যকৰভাৱে বিক্ৰী কৰি আছিল শাক-পাচলি।ব্যৱসায়িক প্ৰতিষ্ঠানখন প্ৰশাসনে ছীল কৰাৰ লগতে তাত থকা সামগ্ৰীসমূহো জব্দ কৰে।

গুৰুত্বপূৰ্ণ যে  প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া মূল্যতকৈ দোকানখনত অধিক দামত বিক্ৰী হৈ আছিল শাক-পাচলি।এই কথা প্ৰকাশ কৰিছে অভিযানকাৰী দলে। 

উল্লেখযোগ্য যে লকডাউনৰ সময়ত অবৈধভাৱে মুকলি কৰা দোকানৰ বিৰুদ্ধে  কঠোৰ হৈছে পৌৰ নিগম আৰু পশু পালন বিভাগ।

Your Comments