মাৰাত্মক ক'ৰ'না ভাইৰাছত আক্রান্ত ৰাজ্যৰ প্ৰতিজন ব্যক্তিক চৰকাৰে সুচিকিৎসা কৰিব লাগে।এই আহ্বান সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ।একেদৰে দিল্লীৰ নিজামুদ্দিনৰ ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা লোকসকলক প্ৰশাসনে তৎকালীনভাৱে চিনাক্ত কৰাৰ ব্যৱস্থা কৰিব লাগে বুলি ড: ভট্টাচাৰ্যই কয়
ৰাইজক আহ্বান জনায় তেওঁ কয়-"মাৰাত্মক ক'ৰ'না যাতে কোনো কাৰণত বিয়পিব নোৱাৰে, তাৰ বাবে সকলো সজাগ-সচেতন হ'ব লাগে।লগতে,চৰকাৰে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে।"
চৰকাৰে আহ্বান জনোৱা লকডাউন সকলোৱে সফল কৰি "ক'ভিড-১৯"ৰ চেইনডাল চিঙিব লাগিব বুলি উল্লেখ কৰি ড: ভট্টাচাৰ্যই কয়-"কঠোৰভাৱে চৰকাৰে লকডাউন বলবৎ কৰাৰ ব্যৱস্থা কৰিব লাগে।"
চৰকাৰ আৰু স্বাস্থ্য বিভাগে অসমত অধিক পৰীক্ষা কৰাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি ভট্টাচাৰ্যই-"অসমৰ প্ৰতিখন জিলাতে একোটাকৈ ক’ৰ'না পৰীক্ষা কেন্দ্ৰ স্থাপন কৰিব লাগে।প্ৰয়োজনত অইল ইণ্ডিয়া লিমিটেড আৰু নুমলীগড় তেল শোধনাগাৰৰ পৰা চৰকাৰে সাহায্য ল’ব লাগে।"
সামাজিক মাধ্যমত একাংশই ছাত্ৰ সন্থাক ক'ৰনা সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি কৰি অহা সমালোচনাৰ আঁত ধৰি ভট্টাচাৰ্যই কয়-
"ছাত্ৰ সন্থাৰ প্ৰতিজন সদস্যই লকডাউন মানি চলি ঘৰতে সোমাই আছোঁ।বিষয়টো মানুহৰ জীৱন ৰক্ষাৰ বিষয়।আমাক যিয়ে সমালোচনা কৰিছে,সেয়া সম্পূৰ্ণ অমানৱীয় আচৰণ।কাৰণ,ছাত্ৰ সন্থাৰ সদস্যসকলে লকডাউন মানি নিজৰ ঘৰৰ কাষত থকা দৰিদ্ৰ লোকসকলক প্ৰশাসনৰ অনুমতি লৈ অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰি আহিছে।"
ইফালে,বুধবাৰে পুনৰ অখিল গগৈক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত পুনৰ ভট্টাচাৰ্যই কয়-"অখিল গগৈৰ লগত চৰকাৰে অন্যায় কৰিছে।প্ৰথম তেওঁক মুক্তি দিব লাগে।লগতে,নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিজন আন্দোলনকাৰীক চৰকাৰে কাৰাগাৰৰ পৰা মুকলি কৰি দিব লাগে।"
- Log in to post comments
- 15 views