কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়া গৈছিল নিজামুদ্দিনলৈ

Pic

দিল্লীৰ নিজামুদ্দিন জামাতত অংশগ্ৰহণ কৰিছিল কোকৰাঝাৰ লোকসভা সাংসদ নৱ কুমাৰ শৰণীয়াই।ৰাজ্য চৰকাৰে মঙলবাৰে প্ৰকাশ কৰা নিজামুদ্দিনলৈ যোৱা অসমৰ লোকসকলৰ তালিকাত মোবাইল নম্বৰ প্ৰকাশ পাইছিল সাংসদ শৰণীয়াই ব্যৱহাৰ কৰা জিঅ’ নম্বৰটো।নম্বৰটো প্ৰকাশ পোৱাৰ পিছত সাংসদগৰাকীয়ে নিজৰ ফেচবুকৰ                জড়িয়তে নিজামুদ্দিনলৈ যোৱাৰ কথা স্বীকাৰ কৰিছে শৰণীয়াই।


শৰণীয়াই প্ৰকাশ কৰা অনুসৰি যোৱা ১৪ মাৰ্চ তাৰিখৰ দিনা তেওঁ পূব নিজামুদ্দিনলৈ গৈছিল।কিন্তু ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে তালৈ যোৱা নাছিল বুলি উল্লেখ কৰিছে।সাংসদগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি তেওঁ এজন সতীৰ্থক সাক্ষাৎ কৰাৰ বাবেহে নিজামুদ্দিনলৈ গৈছিল।

ফোন নম্বৰ চৰকাৰী তালিকাত প্ৰকাশ পোৱা বিষয়টোৰ আঁত ধৰি শৰণীয়াই কয় -"আচলতে ধৰ্মীয় অনুষ্ঠান বুলি নহয়,সেই  দিনকেইটাত অসমৰ যিসকল লোক তালৈ গৈছিল সকলোৰে নাম,ফোন নম্বৰ  তালিকাত আহিছে।নিজামুদ্দিন জামাতত অংশগ্ৰহণ কৰা সতীৰ্থ হুজেইল আহমেদক মই সাক্ষাৎ কৰিবলৈ গৈছিলো।তাৰ বাবে ফোন নম্বৰটো আহিছে।"


সাংসদ শৰণীয়াই সন্দেহ প্ৰকাশ কৰি কয়- "নিজামুদ্দিনলৈ যোৱা ব্যক্তিৰে তালিকাত প্ৰকাশ পোৱা ২৪০টা নম্বৰৰে সকলো লোক ধৰ্মীয় অনুষ্ঠানলৈ নাযাব পাৰে।অন্য কামতো যাব পাৰে।"ৰাজ্য চৰকাৰক দিবলগা সকলো প্ৰতিবেদন তেওঁ দিয়া বুলি উল্লেখ কৰে শৰণীয়াই।
 
গুৰুত্বপূৰ্ণ কথা এই যে নিজামুদ্দিনৰ পৰা অহাৰ পিছত যোৱা ২১ মাৰ্চলৈ সাংসদ শৰণীয়াই বিটিচিৰ বহুকেইখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল।

Your Comments