সোণোৱাল কেবিনেটৰ সিদ্ধান্ত:১ এপ্ৰিলৰ পৰা ৰাজ্যত সামান্য শিথিল হ'ব 'লকডাউন'

Pic

ক'ৰ'না ভাইৰাছৰ সংকটক লৈ সোমবাৰে দিছপুৰত অনুষ্ঠিত হয় ৰাজ্যৰ কেবিনেট বৈঠক।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত 'লকডাউন'ক লৈ গ্ৰহণ কৰা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বৈঠকত হোৱা সিদ্ধান্ত অনুসৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দি কয় ৰাজ্যৰ প্ৰায় ৭২ লাখ পৰিয়াল উপকৃত হোৱাকৈ ঘোষণা কৰা হৈছে "ক'ভিড-১৯" পেকেজ। ১ এপ্ৰিলৰ পৰা ৫৮ লাখ পৰিয়ালে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ আইনৰ অধীনত লাভ কৰিব বিনামূলীয়া চাউল। ৰেচন কাৰ্ড নথকাসকললৈ ১০০০ টকাকৈ আগবঢ়োৱা হ'ব এককালীন সাহায্য।কাৰ্বি আংলং,ডিমা হাছাও আৰু বিটিচিৰ বাবে নিৰ্বাচন আয়োগৰ লগত মুখ্য সচিবে আলোচনা কৰি এই ধন প্ৰদানৰ চিন্তা কৰিব। বানপানীৰ কথা চিন্তা কৰি ১ এপ্ৰিলৰ পৰা সকলো মথাউৰিৰ কাম আৰম্ভ হ'ব। গৃহ নিৰ্মাণ কল্যাণ পৰিষদত পঞ্জীভুক্ত ২.৭৮ লাখ শ্ৰমিকক আগবঢ়োৱা হ'ব ১ হাজাৰ টকাৰ এককালীন সাহায্য। আনহাতে,লকডাউনৰ বাবে বৰ্তমান বন্ধ হৈ থকা চাহ বাগিচাসমূহৰ কেঁচা পাত উঠোৱা কাম ১ এপ্ৰিলৰ পৰা উপায়ুক্তৰ নির্দেশ মৰ্মে খুলিব পাৰিব।তাৰ বাবে স্বাস্থ্য বিভাগৰ নিৰ্দেশনা মানি চলিব লাগিব। শ্ৰীৰামপুৰ গেটত আৱদ্ধ হৈ থকা পশু-খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ ট্ৰাকসমূহক ১ এপ্ৰিলৰ পৰা ৰাজ্যত প্ৰৱেশৰ অনুমতি দিয়া হ'ব। খেতিয়কসকলে স্বাস্থ্য বিভাগৰ নিৰ্দেশনা মানি চলি ১ এপ্ৰিলৰ পৰা উৎপাদনৰ কামত নিয়োজিত হ'ব পাৰিব। ৰাজ্যৰ উপায়ুক্তসকলে গেলামালৰ দোকান খোলা-বন্ধৰ ক্ষেত্ৰত নতুন সময়সূচী সাল-সলনি ১এপ্ৰিলৰ পৰা সিদ্ধান্ত ল'ব পাৰিব।

Your Comments