'লকডাউন'ৰ সময়ত বিশ্ব হিন্দু পৰিষদৰ বিষ্ণুপুৰ প্ৰখণ্ডৰ উপদেষ্টা মনোজ কুমাৰ ডেকা আৰু সচেতন নাগৰিক মনোজ দেৱ শৰ্মাই পশুকুলৰ কথা চিন্তা কৰি সোমবাৰে গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰত থকা বান্দৰ আৰু কুকুৰক যোগান ধৰে কল,বুট, বিস্কুট আৰু পানী।উল্লেখ যে লকডাউনৰ বাবে যোৱা ২৪ মার্চৰ পৰা ভক্তৰ বাবে বন্ধ হৈ আছে নৱগ্ৰহ মন্দিৰ।ফলত তাত থকা বান্দৰ আদি জীৱকুলৰো খাদ্যৰ নাটনি হৈছে।সেই কথা অনুধাৱন কৰিয়ে মন্দিৰৰ জীৱকুলৰ মাজত ডেকাই যোগান ধৰে উল্লিখিত খাদ্য-সামগ্ৰী।
- Log in to post comments
- 13 views