মহামাৰী ক’ৰ'না ভাইৰাছ(ক'ভিড-১৯)ৰ বিৰুদ্ধে যুঁজ দিবলৈ ৰাজ্য চৰকাৰলৈ এক লাখ টকা আগবঢ়ালে অভিনেত্ৰী আইমী বৰুৱাই।সামাজিক মাধ্যমৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে।উল্লেখ যে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ পত্নী অভিনেত্ৰী আইমীয়ে সম্পূৰ্ন নিজৰ ফালৰ পৰা ৰাজ্য চৰকাৰৰ আৰোগ্য নিধিলৈ এই।ধন আগবঢ়োৱা বুলি প্ৰকাশ কৰিছে।
তেওঁ উল্লেখ কৰিছে-'লকডাউনৰ সময়ত বিভিন্ন ব্যক্তি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। কাৰোবাৰ ঘৰত যদি ৰোগীক লৈ চিন্তা,কাৰোবাৰ আকৌ ভাত সাঁজৰ বাবে চিন্তা।সেয়েহে ব্যক্তিগত হিচাপে ১ লাখ টকা অসম আৰোগ্য নিধিলৈ আগবঢ়াইছোঁঁ।'
উল্লেখ যে দেওবাৰে শিল্পী জুবিন গাৰ্গ আৰু অভিনেতা যতীন বৰাই আগবঢ়াইছিল ১ লাখ টকাকৈ সাহায্য।
- Log in to post comments
- 10 views