"লকডাউনৰ সময়ত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত গ্ৰাহকে সময়মতে ঘৰতে পাব ৰন্ধন গেছৰ চিলিণ্ডাৰ"-জি ৰমেশ

Pic

মাৰাত্মক ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো ঘোষণা কৰা হৈছে 'লকডাউন'।এই গুৰুত্বপূৰ্ণ সময়ছোৱাত জনতাৰ নূন্যতম প্ৰয়োজনীয় সকলো যোগান বাহাল ৰখাৰ বাবে গ্ৰহণ কৰিছে ব্যৱস্থা। তাৰ মাজতে ৰাজ্যবাসী চিন্তিত হৈছিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নিয়মীয়া যোগান সন্দৰ্ভত।সেই সন্দৰ্ভত ইণ্ডিয়ান অইলৰ অসম শাখাৰ মুখ্য মহাপ্ৰৱন্ধক জি ৰমেশে দিছে ভাল খবৰ।তেওঁ কৈছে যে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত প্ৰয়োজনীয় ৰন্ধন গেছৰ চিলিণ্ডাৰ মজুত আছে।চিন্তাৰ কাৰণ নাই।সময়মতেই গ্ৰাহকে পাব সকলো চিলিণ্ডাৰ। লকডাউনৰ সময়ত গ্ৰাহকে এছএমএছৰ জৰিয়তে ঘৰতে লাভ কৰিব চিলিণ্ডাৰ বুলি উল্লেখ কৰি বিষয়াগৰাকীয়ে কয়-"চিলিণ্ডাৰ বুকিং কৰিবৰ বাবে গ্ৰাহকে ৭৬৭০০২৪৩৬৫ এই নম্বৰত এছএমএছ আৰু ৭৫৮৮৮৮৮৮২৪ নম্বৰত হোৱাটছআপ কৰিলেই হ'ব।"গ্ৰাহকে দুয়োটা নম্বৰত ৰিফিল(Refill) লিখি এছএমএছ কৰিব লাগিব। সবিশেষ জানিবলৈ ইণ্ডিয়ান অইল কৰ্পৰেচনৰ ৱেবছাইটটোৰ সহায় ল'ব পাৰিব গ্ৰাহকসকলে। গ্ৰাহকসকলক এপৰ জৰিয়তে চিলিণ্ডাৰ লবলৈ আহ্বান জনাই বিষয়া ৰমেশে।লগতে কয়-"প্ৰতিজন এলপিজি চিলিণ্ডাৰ যোগানকাৰীকে লকডাউনৰ সময়ত দিয়া হ’ব পৰিচয়-পত্ৰ।বিতৰণৰ সময়ত যাতে কোনো অসুবিধাত নপৰে তেওঁলোক।"

Your Comments