নিউজ ডেস্ক :
ক্ৰমাৎ যেন জটিল ৰূপ ধাৰণ কৰি নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰিছে ভাৰতত ক'ৰনা ভাইৰাচৰ মহামাৰী।প্ৰতি মুহূৰ্ততে বাঢ়িছে ভাৰতত ক'ৰনা আক্রান্তৰ সংখ্যা।সোমবাৰৰ দিনটোতে সৰ্বাধিক ১০৩গৰাকী নতুন কৈ আক্রান্ত হৈছে মহামাৰী ক'ৰোনাত।সেই অনুসৰি দেশত বৰ্তমান সময়লৈকে ক'ৰোনা আক্রান্তৰ সংখ্যা হৈছে
৫০০জন।
একেদৰে সোমবাৰৰ দিনটোত দেশত পুনৰ ক'ৰোনাত আক্রান্ত হৈ প্ৰাণ হেৰুৱাব লগা হয় তিনি গৰাকী ব্যক্তিয়ে।সেই হিচাপ অনুসৰি এই পৰ্যন্ত মৃত্যুৰ সংখ্যা হৈছে ১০গৰাকী।
উল্লেখ যে দেশৰ ভিতৰত সৰ্বাধিক আক্রান্ত হৈছে মহাৰাষ্ট্ৰত।
গুৰুত্বপূৰ্ণ কথা এই যে ক'ৰনা সংক্ৰমন প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশৰ লগতে আজি সন্ধিয়া ৬বজাৰ পৰা অহা ৩১মার্চলৈ সমগ্ৰ অসমতে ঘোষণা কৰা হৈছে লক ডাউন।উল্লেখ্য যে অসমত বৰ্তমান সময়লৈকে ধৰা পৰা নাই এজনো ক'ৰোনা আক্রান্ত।
- Log in to post comments
- 30 views