চুবুৰীয়া ৰাজ্য অৰুণাচলত ল'ক ডাউন ঘোষণা

Pic

ক'ৰ'না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ লক্ষ্য আগত ৰাখি চুবুৰীয়া ৰাজ্য অৰুণাচল চৰকাৰে ঘোষণা কৰিলে ৰাজ্যখনত ল'ক ডাউন।সোমবাৰৰ সন্ধিয়া ৫ বজাৰ পৰা ৩১মার্চলৈকে বাহাল থাকিব এই নির্দেশনা।উক্ত সময়ছোৱাত কাৰ্যালয়-দোকান,ব্যৱসায়িক প্ৰতিষ্ঠান,যান-বাহন সকলো চলাচল বন্ধ থাকিব।একেদৰে বহি:ৰাজ্যৰ পৰা যোৱা কোনো বাহন প্ৰৱেশ কৰিব নোৱাৰিব ৰাজ্যখনত।

একমাত্ৰ অত্যাৱশ্যকীয় জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত প্ৰয়োগ নহয় এই নির্দেশ।এই কথা ঘোষণা কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী প্রেমা খান্দুৰ নিৰ্দেশত মুখ্য সচিবে।

উল্লেখ যে বৰ্তমান ভাৰতত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ক'ৰ'না ভাইৰাছে।তাৰ মাজতে সৌভাগ্যক্ৰমে উত্তৰ-পূৰ্বাঞ্চলত এই  পৰ্যন্ত কোনো ৰোগীৰ দেহত ধৰা পৰা নাই ক'ৰ'নাৰ উপস্থিতি।

Your Comments