বিতৰ্কিত আৰটিআই কৰ্মী দুলাল বৰাৰ বিলাসী অট্টালিকাত প্ৰশাসনৰ উচ্ছেদৰ হাতোৰা।গুৱাহাটীৰ কইনাধৰাস্থিত তিনি মহলীয়া বৰাৰ বাসগৃহত মঙলবাৰে গুৱাহাটী পৌৰ নিগম আৰু আৰক্ষী-অৰ্ধ সামৰিক বৃহৎ বাহিনীৰ উপস্থিত চলোৱা হয় উচ্ছেদ।
বৰাৰ ১১৮নং বাসগৃহত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত প্ৰশাসনে চলায় উচ্ছেদ।প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতত চলোৱা অভিযানত বৰাৰ তিনি মহলীয়া ঘৰটো ভাঙি পেলোৱাৰ লগতে ঘৰৰ তলত থকা বহুকেইখন দোকান জেচিবিৰ সহায়ত ডাঙি পেলোৱা হয়।উচ্ছেদ চলোৱা ঘৰটোৰ সন্মুখত আঁঁৰি দিয়া হয় মহামান্য ন্যায়ালয়ৰ জাননী ।
উচ্ছেদ অভিযানত উপস্থিত থাকে যুটীয়া আয়ুক্ত সিদ্ধাৰ্থ গোস্বামী।
মঙলবাৰে বাসগৃহটোৰ আধা অংশ ভাঙি পেলোৱা হয়।পৰৱৰ্তী সময়ত সম্পূৰ্ন ঘৰটো ভাঙি পেলোৱা হ'ব বুলি জানিবলৈ দিয়ে উপস্থিত থকা বিষয়াই।
উল্লেখ যে ৫৪৯/২০ নম্বৰ গোচৰৰ ভিত্তিত নিয়ম বহিৰ্ভূতভাৱে গৃহ নিৰ্মাণ কৰাৰ অভিযোগত ভঙা হয় গৃহটো।
গুৰুত্বপূৰ্ণ কথা এই যে ব্লেকমেইলৰ গোচৰত আৰটিআই কর্মী বৰাক গ্ৰেপ্তাৰ কৰিছিল।তাৰ পৰৱৰ্তী সময়ত বৰাক ইডি আৰু চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছিল।বৰ্তমান বৰা কাৰাৰুদ্ধ হৈ আছে।
- Log in to post comments
- 59 views