অৱশেষত বিশ্বত্ৰাস ক'ৰনাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ মুখ্য সচিবে সোমবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ঘোষণা কৰিলে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান বন্ধ বুলি।চৰকাৰৰ নির্দেশৰ পিছতে গুৱাহাটীৰ বিশ্ববিদ্যালয়ত চলি থকা বিশ্ববিদ্যালয় ক্ৰীড়া সপ্তাহো সাময়িকভাৱে স্থগিত ৰখা কথা ঘোষণা কৰিলে।উল্লেখ্য যে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰে প্ৰকাশ কৰা অনুসৰি "ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ ৰখা হৈছে বিশ্ববিদ্যালয়ৰ ক্ৰীড়া সপ্তাহ।চৰকাৰৰ নির্দেশ অনুসৰি ২৯ মার্চলৈকে বন্ধ থাকিব বিশ্ববিদ্যালয়।তাৰ পৰৱৰ্তী সময়ত যদি সকলো ঠিকে থাকে,তেন্তে অহা ২ এপ্ৰিলৰ পৰা পুনৰ অনুষ্ঠিত হ'ব বাকী থকা খেলসমূহ।"
উল্লেখ যে সাধাৰণ সম্পাদক তালুকদাৰে জানিবলৈ দিয়া অনুসৰি ক্ৰীড়া সপ্তাহ বাতিল কৰাৰ সমান্তৰালকৈ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সমূহ ছাত্ৰাবাস আৰু ছাত্ৰীবাস সোমবাৰৰ পৰা খালি কৰাৰো দিয়া হৈছে নিৰ্দেশ।ছাত্ৰ-ছাত্ৰীৰ সমাৱেশৰ প্ৰতি লক্ষ্য ৰাখি এই নির্দেশ জাৰি কৰা বুলি তেওঁ উল্লেখ কৰে।
২০ মার্চত সামৰণি পৰিব লগা বিশ্ববিদ্যালয় ক্ৰীড়া সপ্তাহত বাকী খেলসমূহ পুনৰ বিশ্ববিদ্যালয় আৰম্ভ হোৱাৰ লগে লগে কৰা হ'ব অনুষ্ঠিত।
গুৰুত্বপূৰ্ণ কথা এই যে দেওবাৰে ৰাজ্যৰ মুখ্য সচিবে জাৰি কৰিছে ২৯ মার্চলৈকে সকলো শিক্ষানুষ্ঠান বন্ধ কৰাৰ নিৰ্দেশনা।
- Log in to post comments
- 45 views