গুৱাহাটী ৰে'ল ষ্টেচনত ডিজেলৰ চোৰাং বেহা:চকুমুদা কুলিৰ ভাওত ৰে'ল বিভাগ

Pic

গুৱাহাটী ৰে'ল ষ্টেচনত  ডিজেলৰ চোৰাং ৰমৰমীয়া বেহা।ৰে'লত ভৰাবলৈ অনা ডিজেলৰ পাইপ ফুটি ষ্টেচনত বৈছে ডিজেলৰ নৈ।যিকোনো সময়তে সংঘটিত হ'ব পাৰে ভয়ংকৰ ঘটনা।

উল্লেখ্য যে দৈনিক পাঁচ হাজাৰ লিটাৰ তেল দুষ্ট চক্ৰই পাইপেৰে সংগ্ৰহ কৰাৰ অভিযোগ ৰাইজৰ।

ৰে'ল আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি আৰচিডি আৰু তেল চোৰৰ মিতিৰালিত  দৈনিক অবৈধভাৱে বিক্ৰী কৰা  হৈছে হাজাৰ হাজাৰ লিটাৰ ডিজেল।খবৰ নাই বিভাগীয়  কৰ্তৃপক্ষ।

গুৰুত্বপূৰ্ণ যে ৰে'ল আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ৰে'লত তেল ভৰোৱাৰ পিছত আৰচিডিয়ে পাইপৰ  ভাল্বটো ভালদৰে যদি তলা লগায়,তেন্তে কেতিয়াও তেল অবৈধভাৱে উলিয়াই নিব নোৱাৰে।কিন্তু তেল ভৰোৱাৰ পিছত ভালদৰে বন্ধ নকৰে পাইপৰ ভাল্ব।ফলত দুষ্ট চক্ৰই ফুটা পাইপেৰে দৈনিক সংগ্ৰহ কৰিছে ডিজেল।

Your Comments