"ক'ৰ'নাক লৈ ভীতিগ্ৰস্ত নহ'ব ৰাজ্যবাসী,অসমত ধৰা পৰা নাই ক'ৰ'নাৰ উপস্থিতি"-জিএমচিএইছৰ অধ্যক্ষ ৰমেন তালুকদাৰ

Pic

ক'ৰ'না ভাইৰাছ সন্দৰ্ভত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ৰমেন তালুকদাৰৰ ৰাইজলৈ বিশেষ আহ্বান।ক'ৰ'নাক লৈ আতংকিত নহ'বলৈ ৰাইজক আহ্বান অধ্যক্ষ তালুকদাৰৰ।অধ্যক্ষ তালুকদাৰে কয়-"কোনো ব্যক্তিৰ ভীতিগ্ৰস্ত হোৱাৰ প্ৰয়োজন নাই। ক'ৰ'না ৰোগৰ লক্ষণসমূহ দেখিলে সহায় লওঁক চিকিৎসকৰ।বাহিৰৰ পৰা কোনো লোক অহা মানেই তেওঁ ক'ৰ'না আক্রান্ত নহয়। গতিকে মিছাতে যাতে কাকো ভীতিগ্ৰস্ত নকৰিব।"

ইফালে,শনিবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ আমচৈৰ পৰা অনা এজন লোকৰ গাত ক'ৰ'নাৰ বীজাণু থকাৰ সন্দেহ সন্দৰ্ভত অধ্যক্ষ তালুকদাৰে কয়-"লোকজনৰ গাত নাই কোনো ক'ৰ'নাৰ বীজাণু।ফলত ব্যক্তিজনক দেওবাৰে যাবলৈ দিয়া হৈছে ঘৰলৈ।"

ইফালে,ক'ৰ'না সন্দেহত চিকিৎসালয়ত থকা ব্যক্তিৰ কৰা হৈছে যাৱতীয় সকলো পৰীক্ষা।তেজৰ লগতে বিভিন্ন নমুনাৰ পৰীক্ষা কৰা হৈছে।এতিয়ালৈ ২৯টা নমুনা সংগ্ৰহ কৰা বুলি তেওঁ জানিবলৈ দিয়ে।লগতে তেওঁ কয় যে সংগ্ৰহ কৰা ৭টা নমুনা জিএমচিএইচৰ আৰু বাকীখিনি ৰাজ্যৰ অন্যান্য ঠাইৰ।

গুৰুত্বপূৰ্ণ কথা এই যে গুৱাহাটী উপৰিও ডিব্ৰুগড়,শিলচৰ আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কৰিব পাৰিব ক'ৰ'নাৰ পৰীক্ষা।

লগতে,গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ দৰে অসমৰ বাকীবোৰ চিকিৎসা মহাবিদ্যালয়তো ক'ৰনা ৰোগীৰ বাবে ৰখা হৈছে আছুতীয়া কক্ষ।ডিব্ৰুগড়, শিলচৰ, যোৰহাটত আছে আছুতীয়া কক্ষৰ ব্যৱস্থা।অধ্যক্ষ তালুকদাৰে    এই বিষয়ে জনায়।

Your Comments