ক'ৰ'না ভাইৰাছক লৈ ৰাজ্য প্ৰশাসনৰ বিশেষ সতৰ্কতা জাৰি।গুৱাহাটীৰ খানাপাৰা প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত দেওবাৰে সংবাদমেল সম্বোধন কৰি অসম চৰকাৰৰ মুখ্য সচিব সঞ্জয় কৃষ্ণই কয়-"১৬ মাৰ্চৰ পৰা ৰাজ্যৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান,ছুইমিং পুল,জিম,ছবিগৃহ অহা ২৯ মার্চলৈকে বন্ধ ঘোষণা কৰা হৈছে।"
গুৰুত্বপূৰ্ণ কথা এই যে চিবিএছই আৰু অন্য ব'ৰ্ড পৰীক্ষাৰে বাহিৰে সকলো স্কুল-কলেজৰ পৰীক্ষা ইতিমধ্যে বাতিল কৰা হৈছে।
ইয়াৰ উপৰিও মুখ্য আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি সকলো চৰকাৰী কাৰ্যসূচী আৰু ব্যক্তিগতভাৱে আয়োজিত হ'বলগীয়া সকলো ৰাজহুৱা অনুষ্ঠান বাতিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
ইয়াৰ সমান্তৰালকৈ বজাৰ সমূহ পৰিষ্কাৰ পৰিচন্ন কৰি ৰাখিবলৈ প্ৰতিখন জিলা প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰিছে।
উল্লেখ্য যে ক'ৰ'না ভাইৰাছত ভাৰতত বৰ্তমান ১০৭ জন লোক আক্রান্ত হৈছে।তাৰে ১৭ জন বিদেশী পৰ্যটক।ক'ৰ'না আক্রান্ত হৈ বৰ্তমান দুজনৰ মৃত্যু হৈছে।বিশ্বৰ ১৪৯খন দেশৰ ১লাখ ৫০ হাজাৰ লোক ক'ৰ'নাত আক্রান্ত হৈছে।ৰোগত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে ৫৬০৪জন।
কিন্তু অসমত এই পৰ্যন্ত এজনো লোকৰ দেহত ধৰা পৰা নাই ক'ৰ'না বীজানু।এই কথা সংবাদ মেলত অৱগত কৰে মুখ্য সচিবগৰাকীয়ে।
উল্লেখ্য যে অসমত ক'ৰ'না ৰোগীৰ বাবে ৮৫০খন বেড সাজু কৰি ৰখা হৈছে।একেদৰে ৫০জন কৰ'না আক্ৰান্তৰ বাবে সুকীয়াকৈ কৰা হৈছে আইচিইউৰ ব্যৱস্থা।
উল্লেখ্য যে দেওবাৰৰ সংবাদ মেলত উপস্থিত থাকে এম অংগমথু প্ৰমুখ্যে বহুকেইজন বিষয়া।
- Log in to post comments
- 4 views